ETV Bharat / state

বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ড° এল আৰ বিষ্ণইৰ ষ্ট্ৰং ৰুম পৰিদৰ্শন

author img

By

Published : Apr 28, 2021, 10:55 PM IST

বাক্সা জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে ৫৮ নং তামুলপুৰ, ৬২ নং বৰমা আৰু ৬৩ নং চাপাগুৰি সমষ্টিৰ ইভিএম সমূহ ৰখা এই ষ্ট্ৰং ৰুমৰ তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা পৰিদৰ্শন কৰি অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান ড° এল আৰ বিষ্ণইয়ে সন্তোষ প্ৰকাশ কৰে ৷

মুছলপুৰত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ড° এল আৰ বিষ্ণই ষ্ট্ৰং ৰুম পৰিদৰ্শন

বাক্সা,২৮ এপ্ৰিল: অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান ড° এল আৰ বিষ্ণই বুধবাৰে মুছলপুৰস্থিত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাক্সা জিলা প্ৰশাসনে স্থাপন কৰা ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰে ৷ অহা ২ মে'ত অনুষ্ঠিত হ’ব লগীয়া ভোটগণনা প্ৰক্ৰিয়াৰ প্ৰস্তুতিৰ লগতে সুৰক্ষা ব্যৱস্থাৰ বুজ লয় ড° এল আৰ বিষ্ণই ৷

উল্লেখযোগ্য যে, বাক্সা জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে ৫৮ নং তামুলপুৰ, ৬২ নং বৰমা আৰু ৬৩ নং চাপাগুৰি সমষ্টিৰ ইভিএম সমূহ ৰখা এই ষ্ট্ৰং ৰুমৰ তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা পৰিদৰ্শন কৰি বিশেষ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সন্তোষ প্ৰকাশ কৰে ৷ পৰিদৰ্শন কালত বিষ্ণইয়ে জিলা নিৰ্বাচন বিষয়া তথা উপায়ুক্ত ৰঞ্জন শৰ্মা আৰু আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মনক লগত লৈ ষ্ট্ৰং ৰুমৰ সৈতে জড়িত অন্য বিষয় সমূহৰ সন্দৰ্ভতো পৰ্যালোচনা কৰে ৷ তেওঁ ষ্ট্ৰং ৰুমত বিভিন্ন ৰাজনৈতিক দলে নিয়োগ কৰা এজেন্ট সকলৰ সৈতেও মত-বিনিময় কৰে ৷

উল্লেখ্য যে, জিলাখনৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুম সংলগ্ন 6টা হ’লত ভোটগণনা অনুষ্ঠিত হ'ব আৰু তিনিওটা বিধানসভা সমষ্টিৰ বাবে দুটাকৈ হ’লত প্ৰতিটোতে কমেও ১৪ খনকৈ টেবুল থাকিব ৷ ইতিমধ্যে জিলা প্ৰশাসনে ভোটগণনাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ ৰিতুল শইকীয়া এতিয়াও আলফাৰ জিম্মাতে আছে: জিপি সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.