বাক্সা,৬ জুন: বাক্সা জিলাৰ শালবাৰীত পুৱাই উদ্ধাৰ এটা প্ৰকাণ্ড অজগৰ । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ পূৱ ছাফাকামাৰত উদ্ধাৰ অজগৰ ডাল । উল্লেখ্য যে, পুৱা গাঁওখনৰ খেতিয়কসকলে খেতিপথাৰত প্ৰত্যক্ষ কৰে অজগৰ ডাল ।
পাচত মানাহৰ বাঁহাবাৰী বনবিষয়াক অৱগত কৰাত সাপ উদ্ধাৰকাৰী দল (Snake Rescue Team) উপস্থিত হৈ অজগৰ ডাল উদ্ধাৰ কৰে । পৰৱৰ্তী সময়ত অজগৰ ডাল মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হয় ৷ ইফালে কোনো ক্ষতি নকৰাকৈ অজগৰ ডাল, সাপ উদ্ধাৰকাৰী দলক গতাই দিয়াৰ বাবে পূৱ ছাফাকামাৰ গাঁৱৰ ৰাইজক প্ৰশংসা কৰে বিভিন্নজনে ।
লগতে পঢ়ক:কৰিমগঞ্জত জব্দ হস্ত নিৰ্মিত বন্দুক