ETV Bharat / state

Secret killing in Assam: 25 বছৰে ন্যায় নাপালে গুপ্তহত্যাৰ বলি হোৱা এটা পৰিয়ালে

author img

By

Published : Aug 11, 2023, 6:59 PM IST

বিগত 25 বছৰে ন্যায়ৰ অপেক্ষাত গুপ্তহত্যাৰ বলি হোৱা এটা পৰিয়াল ৷ 1998 চনৰ 11 আগষ্টৰ নিশা বাক্সাৰ বৰমাৰ এটা পৰিয়ালৰ 4 জন সদস্যক অচিনাক্ত বন্দুকধাৰী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল ৷ এই লোকসকলক আছিল আলফা নেতা মিথিংগা দৈমাৰীৰ পৰিয়ালৰ সদস্য ৷

Secret killing in Assam
Secret killing in Assam
বিগত 25 বছৰে ন্যায়ৰ অপেক্ষাত গুপ্তহত্যাৰ বলি হোৱা এটা পৰিয়াল

বাক্সা, 11 আগষ্ট: 90ৰ দশকত ৰাজ্যখনত চলা গুপ্তহত্যাৰ কথা আজিও পাহিৰব পৰা নাই অসমবাসীয়ে ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আলফা নেতা-সদস্যসকলৰ পৰিয়ালৰ লোকক অচিনাক্ত ঘাতকে অতি নৃশংসভাৱে হত্যা কৰিছিল ৷ সেই ক’লা অধ্যায় মনত পৰিলে সকলোৰে বুকু কঁপি উঠে ৷

1998 চনত গুপ্ত ঘাতকৰ নৃশংস আক্ৰমণৰ বলি হৈছিল বাক্সাৰ এটা পৰিয়াল ৷ দিনটো আছিল 1998 চনৰ 11 আগষ্ট ৷ জিলাখনৰ বৰমাৰ নিজ জুলুকি গাঁৱৰ এটা পৰিলায়ক বন্দুকধাৰী দুৰ্বৃত্তই নিৰ্বাচাৰে গুলীচালনা কৰি সম্পূৰ্ণৰূপে শেষ কৰি পেলাইছিল ৷

আলফা নেতা মিথিংগা দৈমাৰীৰ পৰিয়ালৰ সদস্য হোৱাটোই আছিল অপৰাধ ৷ 11 আগষ্টৰ নিশা দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাত প্ৰাণ গৈছিল চিকিৎসক, সাহিত্যিক, সমাজকৰ্মী ডাঃ ধৰণীধৰ দাস, তেওঁৰ সগৰ্ভা পত্নী ৰূপজ্যোতি শইকীয়া, মাতৃ ফুলেশ্বৰী দাস আৰু ভগ্নী লতিকা কছাৰীৰ ৷

এই বৰ্বৰ ঘটনাই কঁপাই গৈছিল সমগ্ৰ ৰাজ্য ৷ এই ঘটনাৰ বিৰোধিতাৰে ৰাজ্যজুৰি সাব্যস্ত কৰা হৈছিল প্ৰতিবাদ ৷ ৰাইজৰ প্ৰৱল প্ৰতিবাদৰ পাচত সেও মানি সেই সময়ৰ তদানীন্তত প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰে ঘটনাটোৰ তদন্তৰ বাবে তিনিখনকৈ আয়োগ গঠন কৰি দিছিল ৷

কিন্তু সেই তদন্ত, কেৱল কাগজে-কলমেহে তদন্ত হৈ থাকিব ৷ এই ঘটনাই 25 বছৰ অতিক্ৰম কৰাৰ পাচতো কোনো এখন চৰকাৰেই এই বিষয়টোৱে গুৰুত্ব নাপালে ৷ যাৰ বাবে আজিও ন্যায় নাপালে পৰিয়ালটোৱে ৷ এই ঘটনাৰ সাক্ষী হৈ ৰ’ল কেৱল তেজৰ চেঁকুৰা লগা ঘৰখনৰ বেৰবোৰ ৷

উল্লেখ্য যে বৰমাবাসী ৰাইজে এতিয়াও সেই ঘটনাৰ তদন্ত কৰি দোষীক চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰি পৰিয়ালটোক ন্যায় প্ৰদানৰ বাবে চৰকাৰক আহ্বান জনাইছে ৷ শনিবাৰে বাক্সা প্ৰেছ ক্লাৱত আলোচনা চক্ৰত উপস্থিত থাকে হত্যাৰ বলি হোৱা ধৰণীধৰ দাসৰ ভাতৃ মেগন কছাৰী ৷ তেওঁ ভাষণত প্ৰসংগত কয় যে ধৰণীধৰ দাসৰ স্মৃতি জীয়াই ৰাখিবলৈ সাহিত্য সভাই প্ৰচেষ্টা ল’ব লাগিব । লগতে কয় যে ধৰণীধৰ দাসৰ সপোন বাস্তবায়ীত কৰিলেহে তেওঁৰ আত্মাই শান্তি পাব ৷

জিলা সাহিত্য সভাৰ সম্পাদক কামেশ্বৰ দাস, কৃষি বিভাগৰ উপ-সঞ্চালক মাধৱ মেধি, অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ ফণীধৰ তালুকদাৰ, নলবাৰী সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত ভাষণ প্ৰদান কৰে ৷

পুৱা স্মৃতি তৰ্পন, বন্তি প্ৰজ্বলন কৰে বিশিষ্ট কবি মেগন কছাৰী আৰু বৰমা চেম্বাৰ্চ অফ কমাৰ্চৰ সভাপতি বিপুল কলিতাই ৷ আলোচনা চক্ৰখন সঞ্চালনা কৰে নলবাৰী জিলা সাহিত্য সভাৰ উপ-সভাপতি লক্ষী পাটোৱাৰীয়ে ৷

লগতে পঢ়ক: Secret killings in Assam: প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তক ক্লীনচিট বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.