ETV Bharat / state

কৃত্ৰিম বানত আবদ্ধ বাক্সাৰ জিলাৰ কেইবাটাও পৰিয়াল

author img

By

Published : Jul 14, 2020, 3:21 PM IST

ছয় দিন ধৰি কৃত্ৰিম বানত আবদ্ধ 1 নং শান্তিপুৰ লেব্ৰাৰ কেইবাটাও পৰিয়াল । বাক্সাৰ জিলাৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 1নং শান্তিপুৰৰ লেব্ৰাৰ কেইবাটাও পৰিয়াল কৃত্ৰিম বানত আবদ্ধ ।

কৃত্ৰিম বানত আবদ্ধ বাক্সাৰ জিলাৰ কেইবাটাও পৰিয়াল
কৃত্ৰিম বানত আবদ্ধ বাক্সাৰ জিলাৰ কেইবাটাও পৰিয়াল

বাক্সা, 14 জুলাইঃ ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ ৷ সমান্তৰালকৈ বাক্সা জিলাতো দেখা পোৱা গৈছে বানৰ প্ৰভাৱ ৷ আনহাতে বাক্সাৰ জিলাৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 1 নং শান্তিপুৰৰ লেব্ৰাৰ কেইবাটাও পৰিয়াল ছয় দিন ধৰি কৃত্ৰিম বানত আবদ্ধ ।

জানিব পৰা মতে,অঞ্চলটোত বিগত দুটা বছৰ ধৰি বাৰিষাৰ সময়ত ভূটান পাহাৰৰ পৰা বৈ অহা পানীয়ে সৃষ্টি কৰি আহিছে কৃত্ৰিম বানৰ । এইবাৰো যোৱা কিছুদিন ধৰি হোৱা নেৰাপেৰা বৰষুণ ফলতেই বানৰ সৃষ্টি হয় অঞ্চলটোত । আনহাতে পৰিয়াল কেইটাই অভিযোগ কৰা অনুসৰি পাহাৰপুৰ লেব্ৰা বান কমিটিৰ ভুলৰ বাবে পৰিয়াল কেইটাই বানত ককবকাই থাকিবলগীয়া হৈছে ।

এই ক্ষেত্ৰত বান সমিতিয়ে যদি কেনেল কাটি দিলে হয় তেতিয়া হ’লে পৰিয়াল কেইটাৰ এনে দশা নহ’ল হয় বুলি সদৰী কৰে স্থানীয় বাসিন্দাই । লক্ষণীয় য়ে,এই ক্ষেত্ৰত বিপিএফৰ প্ৰাক্তন এমচিএলএ ফলিন্দ্ৰ বসুমতাৰীয়ে পৰিয়াল কেইটাৰ কাষত বৰ্তমানলৈকে উপস্থিত নোহোৱা বাবে স্থানীয় সুকুমাৰ বৰ্মণে তীব্ৰ ক্ষোভ উজাৰি অতিশীঘ্ৰে পৰিৱৰ্তনৰ বতাহ উতি ভাহি যাব বুলি কয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.