ETV Bharat / state

বাক্সাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ-গোঁসাই উৎসৱ পালন

বাক্সাৰ বাগানপাৰা শৰণীয়া কছাৰী সমন্বয় ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে পালন শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ-গোঁসাই উৎসৱ(Sarania Kasari Bamboo-Gosai Festival Celebrated in Baksa) ৷ বাঁহ-গোঁসাই উৎসৱৰ কাৰণে বুধবাৰৰ দিনটো বিটিচিত স্থানীয় বন্ধৰ ঘোষণা বিটিচি প্ৰশাসনৰ ৷ মুকলি সভাত উপস্থিত বিটিচি পৰিষদৰ অধ্যক্ষ প্ৰমোদ বড়ো আৰু ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ৷

Sharania Kasari Bamboo-Gosai Festival Celebrated in Baksa
বাক্সাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ-গোঁসাই উৎসৱ পালন
author img

By

Published : Apr 21, 2022, 9:30 PM IST

বাক্সা, ২১ এপ্ৰিল : বাক্সা জিলাৰ বাগানপাৰা শৰণীয়া কছাৰী সমন্বয় ক্ষেত্ৰত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ-গোঁসাই উৎসৱ অনুষ্ঠিত হয় (Sarania Kasari Bamboo Gosai Festival Celebrated in Baksa) ৷ বুধবাৰে দুপৰীয়া ১২ বজাত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে বিটিচি পৰিষদৰ অধ্যক্ষ প্ৰমোদ বড়ো আৰু ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ৷

মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ভাষণ প্ৰসংগত কয় যে, এটা সময়ত সৰু সৰু জনগোষ্ঠীয়ে নিজৰ অস্তিত্ব হেৰুৱাইছিল ৷ কালক্ৰমত সময় বাগৰাৰ লগে লগে নিজৰ নিজৰ অস্তিত্ব, পৰিচয়, ধৰ্মক প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ি আহিছে এয়া শুভ লক্ষণ ৷ একেদৰে শৰণীয়া কছাৰী জনগোষ্ঠীয়েও নিজক প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ি আহিছে ৷ অৱশ্যে তেওঁ এই ক্ষেত্ৰত বুদ্ধিজীৱী, দাৰ্শনিকসকলৰ গুৰুত্ব আহি পৰিছে বুলি ভাষণত উল্লেখ কৰে ৷

বিটিচি পৰিষদৰ অধ্যক্ষ প্ৰমোদ বড়ো

আনহাতে, বিটিচি পৰিষদৰ অধ্যক্ষ প্ৰমোদ বড়োৱে শৰণীয়া কছাৰী জনগোষ্ঠীটোক অন্য জনগোষ্ঠীৰ দৰে সুবিধা প্ৰদানৰ আশ্বাস দিয়ে ৷ তেওঁ লগতে বুধবাৰৰ দিনটো বিটিচিত বাঁহ-গোঁসাই উৎসৱৰ কাৰণে স্থানীয় বন্ধৰ দিন ঘোষণা কৰাৰ কথা ব্যক্ত কৰে ৷ শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ-গোঁসাই উৎসৱত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি ভাষণ দিয়ে ৷

লগতে পঢ়ক : স্বাৱলম্বিতাৰ বাব মুৰ্গীপালন : আকৌ বাধা দিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.