ETV Bharat / state

ইউপিপিএলক শৰণীয়া কছাৰী জনগোষ্ঠীৰ মুকলি সমৰ্থন

নিৰ্বাচনৰ চিন চমু চাপি অহাৰ লগে লগে গৰম হৈ পৰিছে বিটিচি পৰিষদীয় নিৰ্বাচনী বতাহ ৷ প্ৰতিটো ৰাজনৈতিক দলৰ সমান্তৰালভাৱে তুংগত উঠিছে ইউপিপিএল দলৰ নিৰ্বাচনী প্ৰচাৰ ৷

author img

By

Published : Nov 26, 2020, 10:57 AM IST

Sarania kachari meeting at Baksa
ইউপিপিএলক শৰণীয়া কছাৰী জনগোষ্ঠীৰ মুকলি সমৰ্থন

বাক্সা, 26 নৱেম্বৰ: বিটিচিত ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ৰাজনৈতিক বতাহ ৷ বিটিচিৰ শাসনৰ গাদী দখলৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই অব্যাহত ৰাখিছে তৎপৰতা ৷ দলসমূহৰ মাজত সৃষ্টি হৈছে বোকা ছটিওৱা ৰাজনীতি ৷ এনে সময়তে বিভিন্ন দল সংগঠন তথা ব্যক্তি বিশেষে সমৰ্থন আগবঢ়াইছে নিজ নিজ পছন্দৰ দল তথা প্ৰাৰ্থীক ৷ ইয়াৰ মাজতেই এইবাৰ ইউপিপিএল দলক মুকলি সমৰ্থন আগবঢ়াইছে শৰণীয়া কছাৰী জনগোষ্ঠীয়ে ৷

বাক্সাৰ গোৰেশ্বৰৰ বেঙেনাহাটী সত্ৰত বৃহস্পতিবাৰে শৰণীয়া কছাৰী জনগোষ্ঠীৰ এখন বিশাল জনসভা অনুষ্ঠিত হয়। এই সভাত ইউপিপিএল দলৰ মুৰব্বী প্ৰমোদ বড়োৰ লগতে ৩০ নং গোৰেশ্বৰ সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োয়ে অংশগ্ৰহণ কৰে । প্ৰমোদ বড়ো আৰম্ভণিতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰে আৰু তেওঁৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনায় ৷ তেওঁ লগতে এইবাৰ বিটিচিত ইউপিপিএল দলৰ চৰকাৰ নিশ্চিত বুলি উল্লেখ কৰে ৷ আনহাতে মিত্ৰতাৰ সন্দৰ্ভত দলটোৱে বৰ্তমানলৈ কোনো সিদ্ধান্ত লোৱা নাই বুলি জানিবলৈ দিয়ে ৷

ইউপিপিএলৰ মুৰব্বীগৰাকীয়ে বিটিচিত শান্তি সম্প্ৰীতিৰ হকে কাম কৰাৰ লগতে গড়াখহনীয়া,নিবনুৱা আদি বিভিন্ন সমস্যা সমাধান কৰাহে দলটোৰ মূল উদ্দেশ্য বুলি উল্লেখ কৰে ৷ প্ৰায় দুই সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত প্ৰমোদ বড়োৱে তেওঁৰ চৰকাৰ আহিলে শৰণীয়া কছাৰী জনগোষ্ঠীৰ সকলো সমস্যা সমাধান কৰাৰ লগতে জনগোষ্ঠীটোৰ উন্নয়নৰ হকে কাম কৰাৰো প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক: বৰযাত্ৰী কঢ়িয়াই অনা বলেৰ' দুৰ্ঘটনাগ্ৰস্ত, 7 জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.