ETV Bharat / state

Sahitya Akademi Award 2022: বড়ো কাব্য় সংকলন ‘চানশ্ৰীনি মদিৰা’ৰ বাবে ৰশ্মি চৌধুৰীলৈ সাহিত্য অকাডেমি বঁটা 2022

author img

By

Published : Dec 22, 2022, 9:25 PM IST

Updated : Dec 22, 2022, 10:18 PM IST

‘চানশ্ৰীনি মদিৰা’ শীৰ্ষক কাব্য় সংকলনৰ বাবে বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছে বাক্সাৰ ৰশ্মি চৌধুৰীয়ে(Sahitya Akademi Award 2022 in Bodo language) ৷ ২০০৬ চনৰ পৰা ৰশ্মি চৌধুৰী জড়িত হৈছিল সাহিত্য চৰ্চাৰ সৈতে ৷ শিংৰাপাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰশ্মি চৌধুৰী ৷

Sahitya Akademi Award 2022
বড়ো কাব্য় সংকলন ‘চানশ্ৰীনি মদিৰা’ৰ বাবে ৰশ্মি চৌধুৰী সাহিত্য অকাডেমি বঁটা 2022

বাক্সা, 22 ডিচেম্বৰ: বৃহস্পতিবাৰে ঘোষণা হ’ল সাহিত্য অকাডেমি বঁটা 2022(Sahitya Akademi Award 2022) ৷ ৰাজ্যৰ মুঠ 4গৰাকী বিশিষ্ট লেখক, সাহিত্যিক তথা কবিলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি 2022 বঁটা ৷ বড়ো ভাষাত কাব্য সংকলন ‘চানশ্ৰীনি মদিৰা’ৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে ৰশ্মি চৌধুৰীয়ে(Sahitya Akademi Award 2022 in Bodo language) ৷ বাক্সা জিলাৰ বৰমাৰ নিবাসী ৰশ্মি চৌধুৰী ৷

বৰমাৰ আলাগজাৰৰ নিবাসী তথা শিংৰাপাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰশ্মি চৌধুৰীয়ে(Rashmi Chaudhury) ২০০৬ চনৰ পৰা জড়িত হৈছিল সাহিত্য চৰ্চাৰ সৈতে ৷ ‘চানশ্ৰীনি মদিৰা’ৰ(Sansrini Modira) উপৰিও ইতিমধ্যেই ‘বুব্লিনি গুথাল’ নামৰ আন এখন বড়ো ভাষাৰ কাব্য সংকলন প্ৰকাশ কৰি উলিয়াইছে ৰশ্মি চৌধুৰীয়ে ৷

ETV ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত বঁটা লাভ কৰি যথেষ্ট উৎফুল্লিত হোৱা বুলি উল্লেখ কৰে বিশিষ্ট কবিগৰাকীয়ে । ভৱিষ্যতে নিজৰ নামটো যাতে কিতাপৰ বেটুপাতত জিলিকাই ৰাখিব পাৰে তাৰ বাবে লিখাৰ আগ্ৰহ জন্মিছিল বুলিও তেখেতে মত প্ৰকাশ কৰে ৷

বড়ো সাহিত্য সভাৰ সৈতে জড়িত ৰশ্মি চৌধুৰীয়ে নেপালী ভাষাৰ এখনি গ্ৰন্থ বড়ো ভাষালৈ অনুবাদ কৰি থকা বুলিও প্ৰকাশ কৰে ৷ ৰশ্মি চৌধুৰীয়ে বঁটা লাভ কৰাৰ পিছতে বাক্সা প্ৰেছ ক্লাৱ, বড়ো সাহিত্য সভা, বৰমা শাখা সাহিত্য সভা, বিধায়ক ভূপেন বড়ো, জাৰ্ণেলিষ্ট ইউনিয়ন অৱ অসমৰ বাক্সা জিলা সমিতিয়ে শুভেচ্ছা জ্ঞাপন কৰে ৷

উল্লেখ্য যে ,সাহিত্য অকাডেমি বঁটা লাভ কৰা কাব্য গ্ৰন্থখনৰ বাবে বিগত বৰ্ষত বাক্সা প্ৰেছ ক্লাৱে ‘মৰাপাগলাদিয়া সাহিত্য’ বঁটাৰে ৰশ্মি চৌধুৰীক সন্মানিত কৰিছিল ৷ বৃহস্পিবাৰে ৰশ্মি চৌধুৰীৰ ঘৰত উপস্থিত থাকি সাহিত্য অকাডেমী শিশু বঁটা লাভ কৰা দেওবাৰ ৰামচিয়াৰীয়ে নতুন প্ৰজন্মৰ বাবে ৰশ্মি চৌধুৰীৰ এই বঁটা প্ৰেৰণা বুলি মত প্ৰকাশ কৰে।

লগতে পঢ়ক: Sahitya Akademi 2022: গল্পকাৰ-সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাডেমি বঁটা

Last Updated : Dec 22, 2022, 10:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.