বৰমা, 5 আগষ্ট : বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ নয়াবস্তিৰ খৈৰাণী গাঁৱত পাগলদিয়া নদীত অবৈধভাৱে শিল-বালি খনন কৰা ট্ৰেক্টৰ,ডাম্পাৰ,জেচিবি আদিক প্ৰৱেশত বাধা দিয়ে স্থানীয় ৰাইজে ৷ ইতিমধ্যে ৰাইজে গাঁৱখনৰ সুৰক্ষাৰ কাৰণে দিনে নিশাই পহৰা দি আহিছে ৷ ৰাইজে অভিযোগ কৰা মতে,পাগলদিয়া নদীৰ উল্টাখন্দা খহনীয়াৰ ফলত ৰাইজে প্ৰতি বছৰে জীয়াতু ভুগি আহিছে ৷ ৰাইজে জানিবলৈ দিয়া মতে জনপ্ৰতিনিধিক ৰাইজে বহুবাৰ জনাইছে যদিও কোনো সুফল পোৱা নাই ৷ যাৰ বাবে এতিয়া ৰাইজে নিজাকৈ এইদৰে খহনীয়া ৰোধৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে ৷
লগতে পঢ়ক : কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত জিলিকা নিবেদিতাৰ সৈতে ইটিভি ভাৰতৰ বাৰ্তালাপ