ETV Bharat / state

মিত্ৰদল বিপিএফক তীব্ৰ সমালোচনা বিজেপি নেত্ৰী ৰেখাৰাণী দাস বড়োৰ

author img

By

Published : Oct 28, 2020, 9:59 PM IST

সোতৰ বছৰে শাসনৰ নামত বিপিএফে চলা অপশাসনৰ ওৰ পৰিব বিটিচিত ৷ বিটিচিত এইবাৰ আইনৰ শাসন চলিব ৷ গণতন্ত্ৰৰ শাসন চলিব। এই মন্তব্য বিজেপিৰ উপ সভানেত্ৰী ৰেখাৰাণী দাস বড়োৰ ।

btc election
বিপিএফ

বৰমা, ২৮ অক্টোবৰ : বাক্সা জিলাৰ সুৱনখাটাত বুধবাৰে ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ বাক্সা জিলাৰ এচ টি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহণ কৰে ৰেখাৰাণী দাস বড়োৱে ৷ সাংবাদিকৰ আগত তেওঁ বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীক তীব্ৰ আক্ৰমণ কৰি কয় যে, যিজন লোকে বিটিআৰ চুক্তিত স্বাক্ষৰ কৰিলে, বিটিআৰ চুক্তিত আগভাগ ল’লে সেইজন লোকে এতিয়া বিটিআৰ চুক্তি খনত একো নাই, এই চুক্তিয়ে শান্তিৰ পৰিৱেশ সৃষ্টি নকৰে বুলি মন্তব্য কৰে ।

বিগত সময়ছোৱাত বিটিচিত বিপিএফ দলে শাসন কৰিছিল যদিও সোতৰ বছৰ ধৰি এই অঞ্চলটোৰ কোনো উন্নতি নহ’ল । সকলো জাতি জনগোষ্ঠীৰে বসবাস কৰা এই অঞ্চলটোত বসবাস কৰা গোৰ্খা, মদাহি, শৰণীয়াকে ধৰি কোনো এটা জনগোষ্ঠীৰে উন্নতি নহ’ল, মাত্ৰ বিপিএফৰ মুখ্য কাৰ্যবাহী, সাধাৰণ কাৰ্যবাহীয়েহে উন্নতি হৈছে বুলি কয় । ইয়াত বিপিএফে ভাষণ দিয়া প্ৰধানমন্ত্ৰী আৱাজ যোজনাৰ অধীনৰ ঘৰ বিজেপি দলেহে প্ৰদান কৰিছে, বিপিএফ দলে দিয়া নাই বুলিও উল্লেখ কৰে তেওঁ ।

মিত্ৰদল বিপিএফক তীব্ৰ সমালোচনা বিজেপি নেত্ৰী ৰেখাৰাণী দাস বড়োৰ

সোতৰ বছৰে শাসনৰ নামত চলা অপশাসনৰ ওৰ পেলাই বিটিচিত এইবাৰ আইনৰ শাসন চলিব । গণতন্ত্ৰক বিশ্বাসী বিজেপি দলে সকলো লোকৰে স্বাধীনতাক বাস্তৱ ৰূপ দিবলৈ বিচাৰিছ সেয়েহে বিজেপিয়ে বিটিচিত পৰিষদ গঠন কৰিব । বিজেপিৰ উত্থানৰ বাবেই বিজেপিৰ কৰ্মকৰ্তাক বিপিএফে ইতিমধ্যে ভয় ভাবুকি দিছে । বিপিএফৰ ভয় ভাবুকিত কেতিয়াও সেও নমনা বিজেপিয়ে এইবাৰ সোতৰ বছৰৰ পিচত বাগানপাৰা সমষ্টিত জয় হ’বই বুলি দৃঢ়তাৰে কয় ।

লগতে পঢ়ক : খোদ মুন্না প্ৰসাদ গুপ্তাই চলাইছে JEE জালিয়াতিৰ তদন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.