বাক্সা, 22 অক্টোবৰঃ বাক্সাৰ তামুলপুৰৰ এন কে আঙাৰকাটাত এটি চাৰি বছৰীয়া শিশুক যৌন নিৰ্যাতন কৰি ৰঙাঘৰৰ আলহী হল ৬৭ বছৰীয়া এগৰাকী বৃদ্ধ। জানিব পৰা অনুসৰি বাক্সাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চ'কীৰ অধীনস্থ এন কে আঙাৰকাটা শিমলুগুৰীত সোমবাৰে সংঘটিত হয় মানৱ সমাজক লজ্জানত কৰা এক ঘটনা ৷ দাওমা বড়ো (৬৭) নামৰ বৃদ্ধ গৰাকীৰ কামনাৰ বলি হৈ এগৰাকী চাৰি বছৰীয়া শিশু চিকিৎসাধীন হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷
সোমবাৰে বিয়লি অতি দৰিদ্ৰ পৰিয়ালৰ শিশুটিক অভিযুক্ত দাওমা বড়োৱে শিশুটিক নিজৰ ঘৰৰ পিছফালে ফুচুলাই মাতি লৈ যায় আৰু বলপূৰ্বক ভাৱে যৌন নিৰ্যাতন কৰি শিশুটিৰ হাতত কেইটামান আলু দি ঘৰলৈ পঠিয়াই দিয়ে ৷ ঘৰলৈ আহি শিশুটি হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে শিশুটিক সোধ পোচ কৰাত পেটৰ বিষ হোৱা বুলি জানিবলৈ দিয়ে ৷ পৰিয়ালৰ লোকে শিশুটিক পৰ্যবেক্ষণ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে আৰু লগে লগে পৰিয়ালৰ লোকে কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়লৈ লৈ অনাত চিকিৎসকে পৰিয়ালৰ লোকক শিশুটি যৌন নিৰ্যাতনৰ বলি হোৱা বুলি প্ৰকাশ কৰি শিশুটিক উন্নত চিকিৎসাৰ বাবে তামুলপুৰলৈ পঠিয়াই দিয়ে ৷
ইপিনে যৌন নিৰ্যাতন কৰি অভিযুক্ত দাওমা বড়োৱে পলায়ন কৰে যদিও মঙলবাৰে পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বনজিৎ উজিৰৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে পুৱা শিমুলুগুৰীৰ পৰা নিজ বাসগৃহত লুকাই থকা অৱস্থাত বৃদ্ধ গৰাকীক আটক কৰি কুমাৰীকাটা আৰক্ষী চকীলৈ আনি তদন্ত অব্যাহত ৰাখিছে ৷