ETV Bharat / state

এইবাৰ বিটিচিত বিজেপি দলেই চৰকাৰ গঠন কৰিব: ৰণজিৎ কুমাৰ দাস - বিটিচি

বাক্সাৰ শালবাৰীত দেওবাৰে যুৱ এছ.টি. আৰু অ’.বি.চি মৰ্চাৰ কাৰ্যালয় উন্মোচন ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ ৷ কাৰ্যালয় উন্মোচন কৰি এইবাৰ বিজেপিয়েই চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে সভাপতি দাসে ৷

ranjit kumar das comment on btc
এইবাৰ বিটিচিত বিজেপি দলেই চৰকাৰ গঠন কৰিব : ৰণজিৎ কুমাৰ দাস
author img

By

Published : Nov 8, 2020, 10:57 PM IST

বৰমা,8 নৱেম্বৰ : বাক্সা জিলাৰ শালবাৰী মহকুমাত দেওবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে যুৱ এছ.টি. আৰু অ’.বি.চি মৰ্চাৰ কাৰ্যালয় উন্মোচন কৰি সাংবাদিকক কয় যে, এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব আৰু বড়ো জনগোষ্ঠীৰ এজন নেতাক মুখ্য পদত বহুৱাব ৷

আনহাতে,হাগ্ৰামা মহিলাৰীয়ে নিজৰ গাদীত জিকি আহিলেও এমচিএলএ হৈ থাকিব ৷ যদি পৰাজয়বৰণ কৰে তেন্তে এনেই বহি থকাতকৈ ৰাইজৰ হকে কাম কৰক বুলিও কয় সভাপতি দাসে ৷ তেওঁ কয় যে, ইমানুৱেল মুছাহাৰীৰ লগতে কেইবাজনো বিপিএফ নেতাই অচিৰেই বিজেপি দলত যোগদান কৰিব ৷

এইবাৰ বিটিচিত বিজেপি দলেই চৰকাৰ গঠন কৰিব : ৰণজিৎ কুমাৰ দাস

বিটিএডিৰ বাহিৰত থকা প্ৰায় 8 পৰা 10 লাখ বড়ো জনগোষ্ঠীৰ লোকে বিজেপিত যোগদান কৰিব ৷ লগতে কাৰ্বি আংলং স্বায়ত্ব পৰিষদ, ৰাভা হাছং স্বায়ত্ব পৰিষদ, দেউৰী স্বায়ত্ব পৰিষদ, ঠেঙাল স্বায়ত্ব পৰিষদ, তিৱা স্বায়ত্ব পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্ব পৰিষদ সকলো বিজেপিৰ লগত আছে ৷ সেয়েহে বিধানসভা নিৰ্বাচনত বিজেপিৰেই চৰকাৰ হ’ব বুলি উল্লেখ কৰে সভাপতি ৰণজিৎ কুমাৰ দাসে ৷

লগতে পঢ়ক : গোৱালপাৰাত AJPৰ জিলা আহ্বায়ক সমিতি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.