ETV Bharat / state

উদয়াচল ৰাজ্য গঠনৰ প্ৰসংগত অটল পিটিচিএ - ptca starts demands separate state of Udayachal

ভৈয়াম জনজাতি পৰিষদ, অসমৰ আৱশ্য়কতাৰ কথা পুনৰ উত্থাপিত হৈছে ৷ ৰাজনৈতিক দলটোৰ এক অনুষ্ঠানত পুনৰ উত্থাপিত হ’ল ‘উদয়াচল’ ৰাজ্য সৃষ্টিৰ প্ৰসংগ (Union Territory state of Udayachal)l ৷ অসমৰ জনজাতিসকলৰ উত্থানৰ বাবে পিটিচিএ’ক সক্ৰিয় কৰি তোলাৰ বাবেও কৰা হয় আলোচনা ৷

Union Territory state of Udayachal
উদয়াচল ৰাজ্য গঠনৰ প্ৰসংগত অটল পিটিচিএ
author img

By

Published : Feb 28, 2022, 9:27 PM IST

বাক্সা, 28 ফেব্ৰুৱাৰী: জনজাতিসকলক একগোট কৰি ৰাখিবলৈ পিটিচিএ দল(Plain Tribals Council of Assam) থাকিব লাগিব, এই ব্যক্তব্য পিটিচিএৰ সভাপতি বিভীষণ পেগুৰ ৷ তেওঁ লগতে কয় যে, পিটিচিএ দলক চৰকাৰে বিভিন্ন সময়ত দুৰ্বল কৰিবৰ কাৰণে ডিভাইড এণ্ড ৰুল প্ৰয়োগ কৰি জনগোষ্ঠীসমূহক বিচিন্ন কৰিবলৈ চেষ্টা কৰি কিছু পৰিমাণে সফল হৈছিল ৷ সময়ৰ সোঁতত প্লেইনছ ট্ৰাইবেলছ কাউন্সিল অব্ আছাম বিচিন্ন হোৱা যেন হৈছিল যদিও বৰ্তমান সময়ত জনজাতিসকলক একগোট কৰাৰ ক্ষেত্ৰত পিটিচিএ’ৰ আৱশ্যক আহি পৰিছে বুলিও কয় সভাপতি বিভীষণ পেগুৱে ।

উদয়াচল ৰাজ্য গঠনৰ প্ৰসংগত অটল পিটিচিএ

গুৱাহাটীৰ বাথৌপুৰীস্থিত বড়ো সাহিত্য সভাৰ ভাষা-সাংস্কৃতিক ভৱনত অনুষ্ঠিত কৰে এক শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান ৷ অনুষ্ঠানত পিটিচিএৰ প্ৰয়াত প্ৰাক্তন সভাপতি, উপ-সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে প্ৰয়াত বিৰুচন দলে, সমৰ ব্ৰহ্ম চৌধুৰী, প্ৰফেচৰ সমৰ নাৰ্জাৰী, প্ৰাক্তন বিধায়ক অলিত বড়োৰ লগতে প্ৰয়াত সদস্যসকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয় ৷ ইয়াৰ লগতে অনুষ্ঠিত হয় এখন স্মৃতিচাৰণ সভা ৷ অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক থানেশ্বৰ বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে, পিটিচিএৰ দাবী ‘উদয়াচল’ ৰাজ্য সৃষ্টি বৰ্তমান সময়ত প্ৰাসংগিকতা আহি পৰিছে (Union Territory state of Udayachal) ৷

অসমৰ জনজাতিসকলৰ উত্থান হ’বলৈ হ’লে পিটিচিএ দলটো সক্ৰিয় হ’বই লাগিব বুলিও কয় বড়োৱে ৷

উল্লেখ্য যে, দেওবাৰে দিনৰ 11 বজাৰ পৰা আৰম্ভ হোৱা এই সভাখনত পতাকা উত্তোলন কৰে পিটিচিএৰ প্ৰাক্তন সভাপতি বিভীষণ পেগুৱে৷ বিভীষণ পেগুৱে সভাপতিত্ব কৰা সভাখনত উপস্থিত থাকে প্ৰাক্তন বিধায়ক কমল কুমাৰ বসুমতাৰী, জনজাতীয় নেতা অনিল কুমাৰ ঠাকুৰীয়া, প্ৰাক্তন পিটিচিএৰ সাংগঠনিক সম্পাদক নগেন বসুমতাৰী, পিটিচিএৰ প্ৰাক্তন সম্পাদক থানেশ্বৰ বড়োৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে । এই সভাতেই পিটিচিএৰ নতুকৈ এখন কমিটি গঠন কৰা হয় ৷

লগতে পঢ়ক: Juria jumma namaj controversy: দলৰ পৰা বহিস্কাৰ অগপ নেতা জাকিৰ হুছেইন ফৰাজী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.