ETV Bharat / state

পুনৰ সুকীয়া ৰাজ্যৰ দাবী - সুকীয়া ৰাজ্যৰ দাবীত সংবাদমেল

পুনৰ পৃথক ৰাজ্য়ৰ দাবীত সৰৱ হৈ উঠিল অসম ভৈয়াম জনজাতি পৰিষদ ৷ দেওবাৰে বৰমাৰ দৰৱাৰ হ'লত অনুষ্ঠিত হোৱা এক সংবাদমেলত (PTCA organize press conference at Baksa) এই সন্দৰ্ভত অসম ভৈয়াম জনজাতি পৰিষদে পৃথক উদয়াচল ৰাজ্যৰ বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

ptca-organize-press-conference-at-baksa
পুনৰ সুকীয়া ৰাজ্যৰ দাবী
author img

By

Published : Mar 14, 2022, 9:30 PM IST

বাক্সা, 14 ৰ্মাচ : দেওবাৰে বাক্সা জিলাৰ বৰমাত অনুষ্ঠিত হোৱা এক সংবাদমেলত পৃথক ৰাজ্যৰ দাবী জনালে অসম ভৈয়াম জনজাতি পৰিষদে (Demand of separate state) ৷ বৰমাৰ দৰৱাৰ হ'লত অনুষ্ঠিত হোৱা এই সংবাদমেলত পৃথক উদয়াচল ৰাজ্যৰ বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সংগঠনটোৰ নেতৃত্বই (PTCA organizes press conference at Baksa) ৷

লগতে, এই সংবাদমেলখনত 1967 চনত গঠন হোৱা অসম ভৈয়াম জনজাতি পৰিষদে ( পিটিচিএ) তিনিখনকৈ বড়ো চুক্তিতে সন্তুষ্ট নহয় বুলি দোহাৰে ৷ ইয়াৰলগতে, অসম ভৈয়াম জনজাতি পৰিষদে এই সংবাদমেলযোগে পুনৰ সক্ৰিয় ৰূপত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি মত প্ৰকাশ কৰে । চৰকাৰে ষষ্ঠ অনুসূচীত জনজাতিসকলক পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা প্ৰদান কৰা নাই বুলি দাবী কৰি এই জনজাতিসকলৰ কোনো উন্নয়ন হোৱা নাই বুলিও মত প্ৰকাশ কৰে সংগঠনটোৱে ৷

পুনৰ সুকীয়া ৰাজ্যৰ দাবী

ইয়াৰোপৰি, এই সংবাদমেলযোগে প্ৰস্তাৱিত উদয়াচল ৰাজ্যই ষষ্ঠ অনুসূচীৰ ৰাইজৰ কোনোধৰণৰ ক্ষতি নকৰে বুলি স্পষ্ট কৰে সংগঠনটোৱে । তদুপৰি দীৰ্ঘদিন ধৰি নিষ্ক্ৰীয় হৈ থকা সংগঠনটোৱে পৃথক উদয়াচল ৰাজ্যৰ দাবীত কাৰ্যক্ষম কৰাৰ মানসেৰে বিগত 27 ফেব্ৰুৱাৰীত গুৱাহাটীৰ বাথৌপুৰীত এখন সাধাৰণ সভা আহ্বান কৰি এখন শক্তিশালী সমিতি গঠন কৰে বুলিও জানিবলৈ দিয়ে ৷ সংবাদ মেলত পিটিচিএৰ কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে ৷

লগতে পঢ়ক : The Kashmir Files: কাইলৈ সদলবলে "দ্য কাশ্মীৰ ফাইলছ" উপভোগ কৰিব মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.