বৰমা, 1 নৱেম্বৰ: বাক্সাৰ গধূলী বজাৰত মানাহ আঞ্চলিক হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ ৷ বিধায়ক শ্বেৰমান আলী আহমেদৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ মিঞা মিউজিয়ামক লৈ শ্বেৰমান আলীয়ে কৰা মন্তব্যত ক্ষোভ প্ৰকাশ কৰি সংগঠনটোৱে ৰূপায়ন কৰে এনে প্ৰতিবাদী কাৰ্যসূচী ৷
প্ৰতিবাদকাৰীসকলে শ্বেৰমান আলী হুচিয়াৰ, অসমত বাংলাদেশীৰ দপদপনি নচলিব আদি ভিন্ন শ্ল'গান প্ৰদান কৰি শ্বেৰমান আলীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনায় ৷