বাক্সা, 12 নৱেম্বৰ: আজি বাক্সা জিলাৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ, নিজ কাউৰবাহা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ স্বাস্থ্য কেন্দ্ৰটোৰ বিভিন্ন অভাৱ অভিযোগ সম্পৰ্কে বুজ লয় সাংসদগৰাকীয়ে ৷
আনহাতে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে,বৰ্তমান সময়ত যদি বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে তেওঁ ৩৫ খন আসন পোৱাটো নিশ্চিত ৷ লগতে 37, 38 খনলৈয়ো এই আসন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত তেওঁলোকৰ দলটোক বিভিন্ন জাতি-জনগোষ্ঠীয় দল সংগঠনে যথেষ্ট সহায় আগবঢ়াইছে বুলি মত প্ৰকাশ কৰে ৷
ইতিমধ্যে সাংসদ গৰাকীয় বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে নিজকে সম্পূৰ্ণৰূপে সাজু কৰিছে ৷
লগতে পঢ়কঃ মহাৰাষ্ট্ৰত সমাপ্ত হোৱাৰ দিশে চৰকাৰ গঠনৰ হাইভল্টেজ ড্ৰামা !