বাক্সা,18 ফেব্ৰুৱাৰী: ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী আৰু কৰ্মচাৰীসকলক কামৰ পৰা অব্যাহতি দি, স্বেচ্ছাসেৱী সংগঠন সমূহৰ হাতত ৰাজ্যৰ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীৰ বাবে,মধ্যাহ্ন ভোজনৰ দায়িত্ব অৰ্পণ কৰাৰ বিৰোধিতাৰে বিটিআৰৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সংবাদমেল সম্বোধন ৷ ইয়াৰ পূৰ্বেও চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি কৰ্মচাৰীসকলে আন্দোলন কৰিছে ৷ কিন্তু কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷
সেয়ে বৃহস্পতিবাৰে পৰিষদৰ সদস্যসকলে বৰমাত এখন সংবাদমেলৰ আয়োজন কৰি, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক মধ্যাহ্ন ভোজন কৰ্মচাৰী পৰিষদৰ সমস্যাসমূহত গুৰুত্ব আৰোপ কৰাৰ লগতে অতিৰিক্ত 200 টকাকৈ আদায় দিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক: চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান