বাক্সা,১৬ ফেব্ৰুৱাৰী : নতুন ৰূপত দেখা গৈছে অসমৰ বহু কেইখন আৰক্ষী থানা । কিয়নো অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে থানাসমূহ । সেই আঁচনিৰে জৰিয়তে নিৰ্মাণ কৰা বাক্সা জিলাৰ মুছলপুৰ থানাৰ নতুন ভৱন মুকলি কৰা হয় (New building of Musalpur police station inaugurated)। অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আৰক্ষী ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰে ।
অনুষ্ঠানত উপস্থিত থাকি ভাস্কৰজ্যোতি মহন্তই কয় যে, অসমত প্ৰথম পৰ্যায়ত ৭৫ খন থানা মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছিল আৰু দ্বিতীয় পৰ্যায়ত ৫৯ খন থানা নিৰ্মাণ কৰা হৈছে ৷ এই নতুনকৈ নিৰ্মিত থানাৰ ভৱনে জনতাৰ লগতে আৰক্ষীৰ বাবেও কাম কৰাৰ এক সুবিধাজনক পৰিৱেশৰ সৃষ্টি কৰিব বুলি সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই উল্লেখ কৰে ৷ সাধাৰণ লোক আৰু মহিলাসকলে আৰক্ষী থানালৈ আহিবলৈ ভয় কৰিব নালাগে বুলি উল্লেখ কৰি সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে আৰক্ষীয়ে সদায় জনতাৰ হিতৰ বাবে কাম কৰিবলৈ বদ্ধ পৰিকৰ ৷
তেওঁ লগতে মুছলপুৰ থানাখন সদায় পৰিষ্কাৰ কৰি ৰাখিবলৈ থানাৰ বিষয়াসকলক আহ্বান জনায় ৷ ইয়াৰোপৰি বিটিআৰত অশান্তিৰ যৱনিকা পৰি উন্নয়নৰ পিনে ধাৱমান হোৱা বুলিও সাংবাদিকৰ আগত উল্লেখ কৰে আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে । তদুপৰি, ড্ৰাগছ আৰু ৰাজ্যত সংঘটিত অপৰাধৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান সদায় চলিব থাকিব বুলিও প্ৰতিশ্ৰুতি দিয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷
উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী ইউ.জি ব্ৰহ্ম, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান তথা বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি ড° এল আৰ বিষ্ণৈ, বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস, অসম আৰক্ষীৰ গৃহ নিৰ্মাণ পৰিষদৰ অধ্যক্ষ অৰবিন্দ কলিতা, উপায়ুক্ত আয়ুস গাৰ্গ, আৰক্ষী অধীক্ষক ৰাজেন সিং, ২৪ নং অসম আৰক্ষী বেটেলিয়নৰ কামাণ্ডেন্ট প্ৰশান্ত সাগৰ চাংমাই, অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জল প্ৰতীম বৰুৱা, উপ-আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি কলিতা উপস্থিত থাকে ৷
লগতে পঢ়ক :কাৰ বিৰুদ্ধে থানাত এজাহাৰ দিলে ৰূপজ্যোতি কুৰ্মীয়ে ?