ETV Bharat / state

অৰ্থৰ অভাৱত চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ ক্ষণ গণিছে বাক্সাৰ ইন্দ্ৰই - অৰ্থৰ অভাৱ

বাক্সা জিলাৰ এগৰাকী লোক জটিল ৰোগত আক্ৰান্ত হৈ উপযুক্ত অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হ'ব লগা হৈছে ৷ জটিল ৰোগত আক্ৰান্ত হোৱা লোকজন বাক্সা জিলাৰ গোৰেশ্বৰৰ 3 নং ডোঙাৰ গাঁৱৰ দৰিদ্ৰ কৃষক তাৰা প্ৰধানৰ জ্যেষ্ঠ পুত্ৰ ইন্দ্ৰ প্ৰধান বুলি জানিব পৰা গৈছে ৷ বৰ্তমান অসমবাসী ৰাইজৰ পৰা সহায় বিচাৰিছে ৷

Need helps poor patient in Baksa
অৰ্থৰ অভাৱত চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ ক্ষণ গণিছে বাক্সাৰ ইন্দ্ৰই
author img

By

Published : Aug 28, 2020, 10:26 PM IST

বাক্সা, 28 আগষ্ট : ৰাজ্যত COVID-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে বাক্সা জিলাৰ এগৰাকী লোক জটিল ৰোগত আক্ৰান্ত হৈ উপযুক্ত অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হ'ব লগা হৈছে ৷ জটিল ৰোগত আক্ৰান্ত হোৱা লোকজন বাক্সা জিলাৰ গোৰেশ্বৰৰ 3 নং ডোঙাৰ গাঁৱৰ দৰিদ্ৰ কৃষক তাৰা প্ৰধানৰ জ্যেষ্ঠ পুত্ৰ ইন্দ্ৰ প্ৰধান বুলি জানিব পৰা গৈছে ৷

তথ্য অনুসৰি, জিলাখনৰ গোৰেশ্বৰৰ 3 নং ডোঙাৰ গাঁৱৰ 6 বছৰীয়া পুত্ৰ সন্তানৰ পিতৃ ইন্দ্ৰই বহু বছৰ ধৰি কোনোমতে পত্নী, পুত্ৰসহ ভাতৃ, ভগ্নী আৰু বৃদ্ধ পিতৃক ভৰণ-পোষণ দি আহিছিল । কিন্তু নিষ্ঠুৰ নিয়তিৰ চৰম পৰিহাস ৷ প্ৰায় দুবছৰ পূৰ্বে বহিঃৰাজ্যত কৰ্মৰত অৱস্থাতে ইন্দ্ৰ আক্ৰান্ত হৈছিল অৰ্শৰোগ সদৃশ এক জটিল ৰোগত ।

অৰ্থৰ অভাৱত চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ ক্ষণ গণিছে বাক্সাৰ ইন্দ্ৰই

পৰৱৰ্তী সময়ত শ্বিলঙৰ বহুকেইখন চিকিৎসালয়ত চিকিৎসা কৰিও কোনো সুফল নোপোৱাত পৰিয়ালৰ লোকে ইন্দ্ৰক ঘৰলৈ ওভতাই লৈ আনে । পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে গুৱাহাটীৰ কেইবাখনো চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসক সকলে কেতিয়াবা অৰ্শৰোগ আকৌ কেতিয়াবা কৰ্কট ৰোগ হোৱা বুলি পৰিয়ালৰ লোকক জানিবলৈ দিয়ে । এনে অনিশ্চয়তাৰ মাজতে পৰিয়ালৰ লোকে চিকিৎসাৰ বাবদ প্ৰায় 6 লাখ টকা সাঁচতীয়া ধন শেষ কৰিলে যদিও ইন্দ্ৰ সুস্থ্য হৈ উঠা নাই বুলি জানিব পৰা গৈছে ।

যাৰ বাবে অৰ্থৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি এটা জৰাজীৰ্ণ জুপুৰিৰ ভিতৰতে বিচনাত পৰি থাকিবলগীয়া হৈছে ৰুগীয়া লোক গৰাকী । ইফালে, ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰৰ এনে অৱস্থাৰ ফলত ঘৰখনলৈয়ো অন্ধকাৰ নামি আহিছে । বিগত দুবছৰ ধৰি ৰুগীয়া পুত্ৰক চিকিৎসা কৰি সৰ্বশ্ৰান্ত হৈ পৰা পিতৃক এতিয়া পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন অধিক ধনৰ । সেয়ে সহায়ৰ বাবে ৰাইজৰ লগতে চৰকাৰলৈ কাতৰ আহ্বান জনাইছে পত্নী আৰু পৰিয়ালৰ লোকে ৷

উল্লেখ্য যে, যদি কোনো সদাশয় লোকে দুৰ্ভগীয়া লোকজনক সহায় কৰিব বিচাৰে তেন্তে SBI ৰ A/C No 39218827447 আৰু IFSC SBIN0010413 ত আৰ্থিক সহায় আগবঢ়াব পাৰিব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ৰাজনৈতিক দলত যোগদান সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে নীল আকাশে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.