ETV Bharat / state

প্ৰকৃতিপ্ৰেমীয়ে ভিৰ কৰিছে বাক্সাৰ দাৰাগাঁৱত - মহামাৰী ক’ৰণা

যিমানেই ৰাজ্যত গৰম পৰিছে, সীমানেই প্ৰকৃতিপ্ৰেমীয়ে ঢাপলি মেলিছে দাৰাগাঁৱলৈ ৷ কিয়নো হিমালয়ৰ পৰা বৈ অহা শীতল পানীত এবাৰ হলেও নিজক বিলিন কৰিব বিচাৰে ৷ সেয়েহে এতিয়া প্ৰতিদিনে প্ৰকৃতিপ্ৰেমী ভিৰ কৰা দেখা গৈছে দাৰাগাঁৱত ৷

প্ৰকৃতিপ্ৰেমীয়ে ভিৰ কৰিছে বাক্সাৰ দাৰাগাঁৱত

author img

By

Published : Jun 22, 2021, 4:49 PM IST

বাক্সা,22 জুন: মহামাৰী ক’ৰণাৰ সংক্ৰমণৰ বাবে সকলো নিজ নিজ ঘৰতে আৱদ্ধ হৈ থাকিব লগীয়া হৈছে ৷ কিন্তু তাৰ মাজতে প্ৰকৃতিৰ নিৰ্মল, শীতল পানীয়ে হাত বাউলি দি মাতিছে বাক্সা জিলাৰ নিকাচিৰ দাৰাগাঁৱলৈ ৷ হিমালয়ৰ পৰা নামি শিলে শিলে ঠেকা খাই বৈ অহা শীতল পানীত এবাৰ নিজকে বিলিন কৰিবলৈ অগনন প্ৰকৃতিপ্ৰেমীয়ে ভিৰ কৰিছেহি এতিয়া দাৰাগাঁৱত ৷

উল্লেখযোগ্য যে, যিমানেই ৰাজ্যত গৰম পৰিছে সীমানেই প্ৰকৃতিপ্ৰেমীয়ে ঢাপলি মেলিছে দাৰাগাঁৱলৈ ৷ কিয়নো হিমালয়ৰ পৰা বৈ অহা শীতল পানীত এবাৰ হলেও নিজক বিলিন কৰিব বিচাৰে ৷ সেয়েহে এতিয়া প্ৰতিদিনে প্ৰকৃতিপ্ৰেমী ভিৰ কৰা দেখা গৈছে দাৰাগাঁৱত ৷

ক’ৰণাৰ মহামাৰীৰ সময়ত চৰকাৰে দিয়া অৰ্ধ লকডাউনেও বাধা দিব পৰা নাই পৰ্যটক সকলক দাৰাগাঁৱলৈ যোৱাত ৷ মহানগৰীৰ কোলাহ’ল, প্ৰদূষণৰ মাজত থাকি অভ্যস্ত হৈ থকা লোকসকলে কিছু সময়ৰ বাবে মুক্ত অৰণ্যৰ মাজত নিজকে বিলিন হোৱাৰ প্ৰয়াস কৰিছে ৷

প্ৰকৃতিপ্ৰেমীয়ে ভিৰ কৰিছে বাক্সাৰ দাৰাগাঁৱত

আনহাতে প্ৰকৃতিপ্ৰেমী সকলে দাৰাগাঁৱৰ এই সমূহ ঠাই পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ সকলোকে আহ্বান জনাইছে ৷ যাতে সদায় এই ভাৰত-ভূটান সীমান্তৰ ঠাইখন জিলিকি থাকে ৷ আনহাতে প্ৰকৃতিৰ এনে মনোমোহা ৰূপ দেখি অভিভূত হৈ পুনৰ অহাৰ সংকল্প লৈছে একাংশ পৰ্যটকে ৷

উল্লেখযোগ্য যে, বাক্সা জিলাৰ বৰমাত থকা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰে মুছলপুৰ-নিকাচি হৈ প্ৰায় ২৫ কিলোমিটাৰ গ’লে ভাৰত ভূটান সীমান্তৰ এই দাৰাগাঁৱত উপস্থিত হ’ব পাৰি ৷ একেদৰে এই অঞ্চলটোত বসবাস কৰা অধিকাংশ গাঁৱৰ লোকসকল বড়ো আৰু নেপালী সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে ৷

এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মনোমোহা প্ৰাকৃতিক দৃশ্য চাবলৈ প্ৰতিদিনে অগনন লোকৰ আগমন ঘটা দেখিবলৈ পোৱা গৈছে ৷ বিশেষকৈ ক’ৰণা মহামাৰীৰ বাবে ঘৰতে আৱদ্ধ হৈ থকা লোক সকল ভাৰাক্ৰান্ত হৈ পৰিছে ৷ সেয়েহে মানসিক অৱসাদ কিছু দূৰ কৰিবলৈ এনেদৰে প্ৰাকৃতিক বিনন্দীয়া ঠাইলৈ ঢাপলি মেলিছে প্ৰকৃতিপ্ৰেমী সকলে ৷

লগতে পঢ়কঃ চাবুৱা থানাৰ NIAৰ গোচৰৰ পৰা দোষমুক্ত হ'ল অখিল গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.