ৰাজ্যৰ দুয়োটা কাগজ কল পুনৰোজ্জীৱিত কৰাৰ দাবী এজেপিৰ - Chief Minister
নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱীত কৰণৰ বাবে এতিয়ালৈকে চৰকাৰে কোনো ব্যৱস্থা নকৰাত ক্ষুব্ধ হৈছ বিভিন্ন দল সংগঠন ৷ কল দুটাৰ মুকলি কৰাৰ দাবীত সোমবাৰে বাক্সাত উপায়ুক্তৰ হাতত স্মাৰকপত্ৰ প্ৰদান কৰে অসম জাতীয় পৰিষদৰ সদস্য সকলে ৷
বাক্সা, 5 জুলাই : অসমৰ জাতীয় সম্পদ নগাঁও আৰু কাছাৰ কাগজ কলৰ নিলামৰ সিদ্ধান্তক লৈ 'সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইতিমধ্যে অসমত থকা বৃহৎ বৃহৎ উদ্যোগ সমূহক চৰকাৰে লিজত দিয়াৰ ব্যৱস্থা কৰিছে ৷ যাৰ ফলত উদ্যোগ সমুহ ব্যক্তিগত খণ্ডত যোৱাতো নিশ্চিত হৈ পৰিছে ৷ তাৰোপৰি কেইবাটাও উদ্যোগ অচল অৱস্থাত আছে ৷ বন্ধ হৈ থকা উদ্যোগ সমূহৰ ভিতৰত প্ৰধানত নগাঁও জিলাৰ জাগীৰোড আৰু কাছাৰ কাগজ কল দুটা অন্যতম ৷
দীৰ্ঘ দিন ধৰি কাগজ কল দুটা বন্ধ হৈ থকাৰ বিৰুদ্ধে সোমবাৰে ’অসম জাতীয় পৰিষদদৰ সদস্য সকলেও ক্ষুব্ধ হৈ পৰিছে ৷ কাগজ কল দুটাৰ মুকলিৰ দাবীত অসম জাতীয় পৰিষদৰ বাক্সা জিলা সমিটিৰ সদস্য সকলে বাক্সা জিলাৰ উপায়ুক্তৰ জড়িয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ অতি শীঘ্ৰে নগাঁও আৰু কাছাৰ কাগজ কলটো পুনৰুজ্জীৱিত কৰাৰ কাৰণে প্ৰধানমন্ত্ৰীক দাবী জনায় ৷
উল্লেখযোগ্য যে, এই বৃহৎ উদ্যোগ দুটা বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ১২ শৰো অধিক কৰ্মচাৰীয়ে কৰ্মসংস্থাপন হেৰুৱাব লগীয়া হৈছে ৷ কল দুটাৰ কৰ্মচাৰীয়ে কৰ্মসংস্থাপন হেৰুৱাই নিবনুৱা হৈ পৰাই নহয়, পৰিয়াল পোহ-পাল দিবলৈ হাহাকাৰ অৱস্থা হৈছে ৷ কাগজ কল কেইটাৰ কৰ্মচাৰী সকলৰ এনেকুৱা অৱস্থা হৈছে যে দুবেলা দুসাজ খাবলৈ হাতত নাই ধন ৷ উপয়ান্তৰ হৈ এই কোনো কোনো কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে পথ বাচি ল’বলগীয়া হৈছে ৷ এনে পৰিস্থিতিৰ সন্মুখীন হৈ চৰকাৰক বাৰম্বাৰ কাগজ কল কেইটা কাৰ্যক্ষম কৰিবলৈ আহ্বান জনাইছিল যদিও আজিলৈ মুকলি নহ'ল ৷
বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ ড৹ হিমন্ত বিশ্ব শৰ্মাই 2020 চনৰ ছেপ্টেম্বৰ মাহতে কেন্দ্ৰীয় চৰকাৰক সময় বিচাৰি মিল দুটাক পুনৰ জীৱিত কৰাৰ বাবে দুবাৰকৈ প্ৰস্তাৱ আগবঢ়াইছিল যদিও কোনো সুফল নাপালে কল কেইটাৰ কৰ্মচাৰী সকলে ৷ এনে পৰিপেক্ষিতত অসমৰ আৰ্থ-সামাজিক দিশত এক সবল ভূমিকা গ্ৰহণ কৰি পুনৰ কাগজ কল দুটা কাৰ্যক্ষম কৰিবলৈ আহ্বান জনাইছে কাগজ কলৰ কৰ্মচাৰীৰ যৌথ মঞ্চৰ বিষয়ববীয়া সকলে ।
লগতে পঢ়ক-নতুন চৰকাৰৰ দুমাহ নহওঁতেই দুই মন্ত্ৰীৰ বিৰুদ্ধে পদত্যাগৰ দাবী