বাক্সা, 30 জুলাই : ৰাজ্যৰ অন্য জিলাৰ লগতে বাক্সা জিলাতো কৃষক নেতা অখিল গগৈৰ মুক্তি আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ বৃহস্পতিবাৰে পুনৰ জিলাখনৰ গোৰেশ্বৰত অখিল গগৈৰ মুক্তি আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু SFI ৰ সহযোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷
অনতিপলমে কৃষক নেতা অখিল গগৈৰ লগতে সকলো 'কা' বিৰোধী কাৰাবন্দীক মুকলি কৰি দিয়াৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ আহ্বান জনাইছে অন্যথা পৰৱৰ্তী সময়ত আন্দোলন আৰু অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে'কাৰ্ড লৈ অসম চৰকাৰ হায় হায়,বিজেপি চৰকাৰ হায় হায়, CAA বাতিল কৰক আদি শ্ল'গানৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
উল্লেখ্য যে,কৃষক নেতা অখিল গগৈক ডিচেম্বৰত NIA ৰ আদালতে গ্ৰেপ্তাৰ কৰিছিল ৷ মাওবাদীৰ সন্দেহত নেতা গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ লগতে নেতা গৰাকীৰ বিৰুদ্ধে নাগৰিকত্ব সংশোধনী আইন বিৰোধ কৰাৰ লগতে কেইবাটাও গোচৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰুজু হৈছিল ৷
লগতে পঢ়ক : নলবাৰীত ব্ৰইলাৰ কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত