ETV Bharat / state

Joinning Meeting of BPF : তামুলপুৰত বিপিএফ দলৰ বিশাল যোগদান সভা; সহস্ৰাধিক লোকৰ যোগদান

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 6:49 PM IST

তামুলপুৰৰ কুমাৰিকাটাত বিপিএফ দলৰ বিশাল যোগদান সভা ৷ দুটাকৈ পৰিষদীয় সমষ্টিৰ প্ৰায় দুই সহস্ৰাধিক লোকে যোগদান কৰে বিপিএফ দলত ৷

Mass Joining Programme of BPF at Kumarikata
লোকসভা নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা
বিপিএফ দলৰ বিশাল যোগদান সভা

বাক্সা, 27 ছেপ্টেম্বৰ : সমাগত লোকসভা নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে ৷ বিভিন্ন যোগদান সভা, সমাৱেশ, সমদলেৰে নিজৰ নিজৰ দলীয় শক্তি প্ৰদৰ্শন কৰাত ব্যস্ত হৈ পৰিছে দলসমূহ ৷ লগতে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ ঠায়ে ঠায়ে অনুষ্ঠিত কৰিছে যোগদান সভা ৷

বিটিআৰত অকলেই শক্তি প্ৰদৰ্শনৰ যুঁজত নামিছে বিপিএফ ৷ তামুলপুৰৰ কুমাৰিকাটাত বিপিএফ দলৰ বিশাল যোগদান সভা ৷ বুধবাৰে দুটাকৈ পৰিষদীয় সমষ্টিৰ প্ৰায় দুই সহস্ৰাধিক লোকে যোগদান কৰে বিপিএফ দলত ৷ অচিৰেই বিপিএফ দলত যোগদান কৰিব পূৰ্ব বিপিএফ দল ত্যাগী বহু শীৰ্ষ নেতাই ৷ এই কথা জানিবলৈ দিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷

যোগদান সভাত ৰাইজৰ সঁহাৰি দেখি আপ্লুত হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ হাগ্ৰামা মহিলাৰীৰ ৷ যোগদান সভাৰ মঞ্চত হাগ্ৰামা মহিলাৰীয়ে ইউপিপিএলক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ তেওঁ কয় যে, প্ৰমোদ বড়োৰ বাজেট তিনিখন ৷ এখন ৰাইজক দেখুৱাই আনখন গোপনে ৰাখে ৷ সেইকাৰণে দিছপুৰক হিচাপ দিব নোৱাৰে ৷ প্ৰমোদ বড়োৱে ৰাইজৰ উন্নয়নৰ বাবে ধন খৰচ নকৰে, নিজৰ পকেটত সোমোৱাৰ বাবেহে চিন্তা কৰে বুলি কয় বিপিএফ প্ৰধানজনে ৷ আমাৰ যেতিয়া চৰকাৰ হ’ব প্ৰথম উচ্ছেদৰ জাননী বন বিভাগৰ কাৰ্যবাহী ৰঞ্জিত বসুমতাৰীক দিয়া হ’ব বুলিও কয় তেওঁ ৷

যোগদান সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, বিপিএফ দলত যোগদান কৰা লোকক মই আদৰণি জনাইছোঁ ৷ আজি যোগদান কৰা সৰহ সংখ্যক লোক ইউপিপিএল দলৰ ৷ বিপিএফ দল বৰ্তমান পুনৰ শক্তিশালী হৈছে ৷ আমি দৰং-ওদালগুৰি আৰু কোকৰাঝাৰত নিজাকৈ প্ৰাৰ্থী দিম ৷ কেন্দ্ৰীয় কমিটিত আমাৰ দলীয় সিদ্ধান্ত লোৱা হৈছে যে, আমি কাৰো লগত মিত্ৰতা নকৰো ৷

বিপিএফ দলত পুনৰ ইমানুৱেল মুছাহাৰী ঘূৰি অহাৰ সম্ভাৱনা খবৰ চলি থকা বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, কেৱল ইমানুৱেল মুছাহাৰীয়েই নহয় এনে বহু শীৰ্ষ নেতাই অচিৰেই পুনৰ যোগদান কৰিব বিপিএফ দলত ৷ ইতিমধ্যে ইমানুৱেল মুছাহাৰীয়ে পুনৰ বিপিএফ দলত যোগদান কৰাৰ খবৰত বিশেষকৈ বিজেপি আৰু ইউপিপিএল দলৰ ভিতৰ চ’ৰাত ব্যাপক চৰ্চাৰ আৰম্ভ হোৱাৰ খবৰ আহি পৰিছে ৷ লগতে এসময়ৰ মন্ত্ৰী তথা হাগ্ৰামাৰ অতি ঘনিষ্ঠ চন্দন ব্ৰহ্ম সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, আজিৰ তাৰিখত চন্দন ব্ৰহ্ম কোন মই চিনি নাপাওঁ ৷

লগতে পঢ়ক : Assam TMC: I.N.D.I.A.ৰ অংশীদাৰ হিচাপে অসমত 5খন লোকসভা আসন বিচাৰিব TMCয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.