ETV Bharat / state

বাক্সাত উদ্ধাৰ মৃত নাহৰফুটুকী

author img

By

Published : May 2, 2020, 4:51 PM IST

নাহৰফুটুকী ধৰিবলৈ আহি আহত হয় ইচমাইল চৰেণ নামৰ এজন স্থানীয় যুৱক ৷ কিছু সময়ৰ পাছত ইচমাইল চৰেণ আৰু ৰেবেন বড়োৱে ৰাইজৰ সহযোগত বাঘটো ধৰি বন বিভাগৰ হাতত গোটাই দিয়ে ।

বাক্সাত উদ্ধাৰ মৃত নাহৰফুটুকী
বাক্সাত উদ্ধাৰ মৃত নাহৰফুটুকী

বাক্সা, 2 মে : শনিবাৰে বাক্সাৰ জিলাৰ অন্তৰ্গত নাগ্ৰীজুলীৰ ইক্ৰাবিলৰ পৰা এটা মৃত নাহৰফুটুকী উদ্ধাৰ কৰে বনবিভাগে ৷ স্থানীয় ৰাইজে জনোৱা অনুসৰি, খাদ্যৰ সন্ধানত চুবুৰীয়া দেশ ভূটান পাহাৰৰ পৰা জনাঞ্চললৈ নামি আহিছিল নাহৰফুটুকীটো ৷ লক্​ ডাউনৰ মাজতে নাহৰফুটুকী খেদিবলৈ ওলাই আহে শ শ লোক ৷ আনহাতে নাহৰফুটুকী ধৰিবলৈ আহি আহত হয় ইচমাইল চৰেণ নামৰ এজন স্থানীয় যুৱক ৷ কিছু সময়ৰ পাছত ইচমাইল চৰেণ আৰু ৰেবেন বড়োৱে ৰাইজৰ সহযোগত নাহৰফুটুকীটো ধৰি বন বিভাগৰ হাতত গোটাই দিয়ে । পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে নাহৰফুটুকীটো মৃত বুলি ঘোষণা কৰে ৷ এই পৰ্যন্ত নাহৰফুটুকীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা যোৱা নাই ৷ শীঘ্ৰেই নাহৰফুটুকীটোৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব বুলি জনায় বন বিভাগে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.