ETV Bharat / state

চিকিৎসক অবিহনেই চলিছে বাক্সাৰ এখন চিকিৎসালয় - বাক্সা

বাক্সাৰ বাৰেংগাবাৰী স্বাস্থ্য কল্যাণ আয়ুস্মান ভাৰত চিকিৎসালয়ত চিকিৎসকৰ অভাৱ ৷ শীঘ্ৰেই চিকিৎসালয়খনত চিকিৎসক নিযুক্তি দিয়াৰ দাবীৰে জিলা উপায়ুক্ত, মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ মানাহ আঞ্চলিক ছাত্ৰ সন্থাৰ ৷

lack of doctors in salbari hospital
বাৰেংগাবাৰী চিকিৎসালয়ত চিকিৎসকৰ অভাৱ
author img

By

Published : May 16, 2021, 8:42 AM IST

বাক্সা, 16 মে’ : বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বৃহত্তৰ বাঁহবাৰী অঞ্চলৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰ বাৰেংগাবাৰী স্বাস্থ্য কল্যাণ আয়ুস্মান ভাৰত চিকিৎসালয়ত নাই এগৰাকীও চিকিৎসক ৷ বিগত এবছৰে চিকিৎসালয়খনত এগৰাকীও চিকিৎসক নথকা বুলি অভিযোগ উত্থাপন কৰি প্ৰায় এবছৰ ধৰি চিকিৎসক নথকাৰ ফলত বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হৈ আহিছে বুলি অঞ্চলটোৰ ৰাইজে জানিবলৈ দিছে ৷

বাৰেংগাবাৰী চিকিৎসালয়ত চিকিৎসকৰ অভাৱ

শনিবাৰে মানাহ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জৌতিষ তাঁতীয়ে সাংবাদিকৰ আগত কয় যে, যি সময়ত সমগ্ৰ অসমতে কৰ’ণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, সেই সময়ত স্বাস্থ্য কেন্দ্ৰটোত এগৰাকীও চিকিৎসক নথকাটো যথেষ্ট দুৰ্ভাগ্যজনক ।

সেয়েহে উক্ত চিকিৎসালয়খনত শীঘ্ৰেই চিকিৎসক নিযুক্তি দিয়াৰ দাবী জনাই মানাহ আঞ্চলিক ছাত্ৰ সন্থাই জিলাখনৰ শালবাৰী মহকুমাৰ মহকুমাধিপতি নিত্য বিনোদ ওৱাৰীৰ জৰিয়তে জিলা উপায়ুক্ত আৰু মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : বৰপেটাত ক’ভিডত আক্ৰান্ত 6 গৰাকী ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.