ETV Bharat / state

কিয় ভোট বৰ্জন কৰিব কালিপুৰবাসীয়ে ?

author img

By

Published : Mar 30, 2021, 5:04 PM IST

ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে বাক্সাৰ 58 নং তামুলপুৰৰ 2 নং কালিপুৰবাসীয়ে । অঞ্চলবাসীৰ অভিযোগ অনুসৰি, বিগত পাঁচ বছৰত কোনো চৰকাৰী সা-সুবিধা লাভ নকৰিলে কালিপুৰবাসীয়ে ৷

কিয় ভোট বৰ্জন কৰিব তামুলপুৰৰ 2 নং কালিপুৰবাসীয়ে ?

বাক্সা,৩০ মাৰ্চ: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে বাক্সাৰ 58 নং তামুলপুৰৰ 2 নং কালিপুৰবাসীয়ে । অঞ্চলবাসীৰ অভিযোগ অনুসৰি, বিগত পাঁচ বছৰত কোনো চৰকাৰী সা-সুবিধা লাভ নকৰিলে কালিপুৰবাসীয়ে ৷

"অঞ্চলটোৰ বাট-পথ, শিক্ষা, স্বাস্থ্যৰ ক্ষেত্ৰৰ কোনো উন্নয়ন সাধন নহ'ল ৷ লগতে পাঁচ বছৰত গাঁৱবাসীয়ে মুখ দেখি নাপালে কোনো এজন মন্ত্ৰী-বিধায়কৰ"- অঞ্চলটোৰ ৰাইজৰ এয়া উত্থাপিত অভিযোগ ৷

এনে পৰিপ্ৰেক্ষিতত 2 নং কালিপুৰবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰি ভোট বর্জনৰ হুংকাৰ প্ৰদান কৰে ৷ তদুপৰি ৰাজনৈতিক দলৰ নেতা-মন্ত্ৰীৰ প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব বুলি হুংকাৰ দিছে অঞ্চলটোৰ ৰাইজে ৷ উল্লেখ্য যে, আগন্তুক সময়ত যি চৰকাৰে প্ৰথমে অঞ্চলটোৰ প্ৰধান সমস্যাসমূহ সমাধান কৰাত গুৰুত্ব দিব, সেই চৰকাৰকে ভোট দিব বুলি জনাইছে কালিপুৰৰ ৰাইজে ।

লগতে পঢ়ক: পৰ্বতসম সম্পত্তিৰে ভৰপুৰ একে পৰিয়ালৰ তিনি প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.