ETV Bharat / state

তামুলপুৰত অসম ভিত্তিত কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত - তামুলপুৰৰ কচুবাৰী

বাক্সাৰ তামুলপুৰত অনুষ্ঠিত সদৌ অসম জুনিয়ৰ আন্তঃজিলা ছোৱালী কাবাডী প্ৰতিযোগিতাৰ সামৰণি । তিনিদিনীয়াকৈ অনুষ্ঠিত এই খেলত বিজয়ী হয় তামুলপুৰ জিলা দল । বিজনী আৰু তামুলপুৰ জিলা দলৰ মাজত অনুষ্ঠিত হয় চূড়ান্ত খেলখন ।

তামুলপুৰত সদৌ অসম জুনিয়ৰ আন্তঃজিলা ছোৱালী কাবাডী প্ৰতিযোগিতা

author img

By

Published : Feb 15, 2021, 1:39 PM IST

বাক্সা,১৫ ফেব্ৰুৱাৰী: সদৌ অসম জুনিয়ৰ আন্তঃজিলা ছোৱালী কাবাডী প্ৰতিযোগিতাত বিজয়ীৰ ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছে তামুলপুৰ জিলা দল । ১২ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ বাক্সাৰ তামুলপুৰৰ কচুবাৰীত অনুষ্ঠিত হোৱা কাবাডী প্ৰতিযোগিতাৰ দেওবাৰে অন্ত পৰে । চূড়ান্ত খেলখনত তামুলপুৰ জিলা দলে বিজনীক ৪৬-২৮=১৮ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে ।

সদৌ অসম কাবাডী সন্থাৰ তত্ত্বাৱধানত তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত আৰু কচুবাৰী যুৱক সংঘৰ উদ্যোগত কচুবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় কাবাডী প্ৰতিযোগিতাখন । বিজয়ী দলটোলৈ ১০ হাজাৰ টকা আগবঢ়োৱা হয় । প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰা বিজনী দলৰ খেলুৱৈ পবিত্ৰা নাৰ্জাৰীক বঁটাসহ নগদ ৫ হাজাৰ টকা প্ৰদান কৰা হয় । শ্ৰেষ্ঠ ৰেইদাৰৰ বঁটা আৰু নগদ ৫ হাজাৰ টকা লাভ কৰে তামুলপুৰ দলৰ কৰীণা বড়োৱে ।

ৰেছমিনা বেগমে শ্ৰেষ্ট কেটচাৰৰ বঁটা লাভ কৰে আৰু মাৰ্চপাষ্টত শ্ৰেষ্ঠ বঁটা লাভ কৰে তামুলপুৰ জিলা দলে । দেওবাৰে চূড়ান্ত খেলখন উদ্বোধন কৰে সদৌ অসম কাবাডী সন্থাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই । স্মৃতিগ্ৰন্থ উন্মোচন কৰে তামুলপুৰৰ সাংস্কৃতিক কৰ্মী লেহো বড়োৱে ।

বঁটা বিতৰণী অনুষ্ঠানত অংশ লয় সাংসদ নৱ কুমাৰ শৰণীয়া, বিটিচিৰ এমচিএলএ হেমন্ত ৰাভা, তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ নাথ দাস, সাংস্কৃতিক কৰ্মী লেহো বড়ো, বাৰ্তা পখিলীৰ সম্পাদক ব্ৰজেন্দ্ৰ নাথ ডেকা আৰু সদৌ অসম কাবাডী সন্থাৰ সম্পাদক আবেদুৰ ৰহমানে ।

লগতে পঢ়ক: পত্নীৰ বাবে টিকটৰ প্ৰয়োজন বিজেপি সাংসদৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.