বাক্সা, 17 জানুৱাৰীঃ ভাৰত আৰু ভূটান দুই দেশৰ পুৰাতন সম্পৰ্ক সজীৱ কৰি শুকুৰবাৰৰ পৰা বাক্সা জিলাৰ সীমান্তৰ সুৱণকাটাত আৰম্ভ হ'ল ৬৮সংখ্যক ভাৰত ভূটান বন্ধুত্ব মেলা । ৮ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা মেলা সামৰণি পৰিব ২৪ জানুৱাৰীত ৷ উল্লেখ্য যে বাক্সা জিলাৰ লগত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ এক পুৰাতন সম্পৰ্ক আছে । পুৰণি কালৰ পৰা ভূটানৰ লোকসকল মাঘৰ মাহৰ আৰম্ভণিতে অসমলৈ আহি ব্যৱসায় কৰে আৰু উভতি যোৱাৰ সময়ত বন্ধুত্ব মেলাৰ আয়োজন কৰে ৷ চুবুৰীয়া ভূটানৰ লোকসকলক সম্বন্ধত কুৰমা লাগা বুলি মাতে অসমৰ লোকসকলে।
সেই তাহানিৰ পৰা এনেধৰণেই আয়োজন কৰা হয় ঐতিহাসিক বন্ধুত্ব মেলা। এই মেলালৈ প্ৰতিবছৰে ভূটানত উৎপাদিত সামগ্ৰী যেনে সুমথিৰা,জলকীয়া, আলু আদি লৈ আহে ভূটানৰ কুৰমা লাগাসকলে আৰু উভতি যোৱাৰ সময়ত অসমৰ পৰা লৈ যায় বিভিন্ন কাপোৰ, চাউল, দাইল ইত্যাদি । বিগত বহু বছৰ ধৰি দুয়োখন দেশৰ বিভিন্ন লোক সংস্কৃতিৰে আয়োজন কৰা হয় বন্ধত্ব মেলা। শুকুৰবাৰে দুই দেশৰ জাতীয় পতাকা উত্তোলন কৰে বাক্সা জিলাৰ উপায়ুক্ত আৰু ভূটান ছামদ্ৰুপ ঝংখাৰ জিলাৰ জিলা ন্যায়ধীশে ।