বাক্সা,3 এপ্ৰিল: বিধান সভাৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাত্ৰ আৰু কেইটামান দিন বাকী ৷ ৰাজনৈতিক দলসমূহৰ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ পিচ পৰি থকা নাই নিৰ্দলীয় প্ৰাৰ্থী সকলো ৷ এইবাৰৰ নিৰ্বাচনত ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ একমাত্ৰ মহিলা প্ৰাৰ্থী ভাৰতীয় গণ পৰিষদৰ নিৰ্মলা দাসেও দিনে-নিশাই ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷
বৃহৎ সভা নকৰি সৰু সৰু সভা তথা সমষ্টিটোৰ ঘৰে ঘৰে গৈ প্ৰচাৰ কাৰ্য চলাই গৈছে তেওঁ ৷ ভোটাৰ সকলক কলহৰ ছবিত তেওঁক ভোট দান কৰিবলৈ আহ্বান জনাইছে প্ৰাৰ্থী গৰাকীয়ে ৷
ইফালে, বিপিএফৰ প্ৰাৰ্থী গৰাকী বিজেপি দলত যোগদান কৰাৰ পিচত তেওঁ বিপিএফ দলৰ সমৰ্থক সকলৰো সমৰ্থন লাভ কৰিছে বুলি জানিবলৈ দিয়ে প্ৰাৰ্থী গৰাকীয়ে ৷ এইবাৰ নিৰ্বাচনত তেওঁ কমেও ৭০ হাজাৰ ভোট লাভ কৰি জয়ী হ’ব বুলি দাবী কৰে ৷
আনহাতে, প্ৰাৰ্থীগৰাকীৰ ঘৰৰ পিচফালে কালি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীৰ সমৰ্থনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাল নিৰ্বাচনী সভা আয়োজন কৰা সম্পৰ্কত প্ৰাৰ্থী গৰাকীয়ে কয়, দেশৰ প্ৰধানমন্ত্ৰী হিচাপে মই তেখেতক সন্মান জনাও ৷ তেখেতক মই আদৰণি জনাইছো ৷ কিন্তু মোদী ডাঙৰীয়া আহিলেও মোৰ জয় নিশ্চিত- এই বুলি মন্তব্য কৰে প্ৰাৰ্থী গৰাকীয়ে ৷
লগতে পঢ়ক: হিংসাৰ আশ্ৰয় লৈছে কৰিম উদ্দিন বৰভূঞাই: আমিনুল হক লস্কৰ