বাক্সা, 19 চেপ্তেম্বৰ: ৰাজ্যত অৱসান ঘটা নাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকলৈ উদ্ভৱ হোৱা বিৰ্তকৰ ৷ যোৱা 31 আগষ্টত প্ৰকাশ পাইছিল অসমৰ জাতীয় দলিল খ্যাত বহু প্ৰত্যাক্ষিত এন আৰ চিৰ চূড়ান্ত তালিকা য'ত বাদ পৰিছিল ১৯,০৬,৬৫৭ জন লোকৰ নাম ৷ তাৰ পাছৰে পৰা বাদ পৰা লোকসকলৰ তালিকাত ভূমিপুত্ৰ তথা খিলঞ্জীয়া লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিভিন্ন দল সংগঠনে ৷ যাৰ ফলত এতিয়া ক্ৰমাৎঅধিক জটিলতাৰ দিশত আগবাঢ়িছে সমগ্ৰ এন আৰ চি প্ৰক্ৰিয়া ৷ বাক্সা জিলাত এইবাৰ এন আৰ চিক প্ৰত্যাহ্বান জনাইছে তামুলপুৰ মহকুমা ভাৰত ভূটান সীমান্তত শতাধিক চাওতালী লোকে ৷ চাহ বাগিচা অথবা ভূটানৰ পাহাৰত খৰি কাটি জীৱিকা নিৰ্বাহ কৰা এই আদিবাসী চাওতালী লোকৰ অধিকাংশই অজ্ঞ এন আৰ চি সন্দৰ্ভত , যাৰ ফলত দাখিল নকৰিলে কোনো ধৰণৰ যাৱতীয় নথি ৷ শেহতীয়াকৈ এন আৰ চিৰ বিষয়ে অৱগত হোৱাৰ পাছত এতিয়া লোকসকলে চৰকাৰক তেওঁলোকক আৰু এটা সুবিধা দিবলৈ আহ্বান জনাইছে, যাতে এই চাওতালী লোকসকলেও অন্তৰ্ভুক্ত কৰিব পাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত তেওঁলোকৰ নাম ৷
বাক্সাত এন আৰ চিক প্ৰত্যাহ্বান শতাধিক পৰিয়ালৰ - তামুলপুৰ
ৰাজ্যত অব্যাহত আছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ বিৰ্তক ৷ তামুলপুৰত শতাধিক পৰিয়ালে দাখিল নকৰিলে কোনো ধৰণৰ যাৱতীয় নথি ৷
বাক্সা, 19 চেপ্তেম্বৰ: ৰাজ্যত অৱসান ঘটা নাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকলৈ উদ্ভৱ হোৱা বিৰ্তকৰ ৷ যোৱা 31 আগষ্টত প্ৰকাশ পাইছিল অসমৰ জাতীয় দলিল খ্যাত বহু প্ৰত্যাক্ষিত এন আৰ চিৰ চূড়ান্ত তালিকা য'ত বাদ পৰিছিল ১৯,০৬,৬৫৭ জন লোকৰ নাম ৷ তাৰ পাছৰে পৰা বাদ পৰা লোকসকলৰ তালিকাত ভূমিপুত্ৰ তথা খিলঞ্জীয়া লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিভিন্ন দল সংগঠনে ৷ যাৰ ফলত এতিয়া ক্ৰমাৎঅধিক জটিলতাৰ দিশত আগবাঢ়িছে সমগ্ৰ এন আৰ চি প্ৰক্ৰিয়া ৷ বাক্সা জিলাত এইবাৰ এন আৰ চিক প্ৰত্যাহ্বান জনাইছে তামুলপুৰ মহকুমা ভাৰত ভূটান সীমান্তত শতাধিক চাওতালী লোকে ৷ চাহ বাগিচা অথবা ভূটানৰ পাহাৰত খৰি কাটি জীৱিকা নিৰ্বাহ কৰা এই আদিবাসী চাওতালী লোকৰ অধিকাংশই অজ্ঞ এন আৰ চি সন্দৰ্ভত , যাৰ ফলত দাখিল নকৰিলে কোনো ধৰণৰ যাৱতীয় নথি ৷ শেহতীয়াকৈ এন আৰ চিৰ বিষয়ে অৱগত হোৱাৰ পাছত এতিয়া লোকসকলে চৰকাৰক তেওঁলোকক আৰু এটা সুবিধা দিবলৈ আহ্বান জনাইছে, যাতে এই চাওতালী লোকসকলেও অন্তৰ্ভুক্ত কৰিব পাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত তেওঁলোকৰ নাম ৷
কোনো ধৰণৰ প্ৰ পত্ৰ দাখিল নকৰিলে এওঁলোক ।
Body:অসমৰ জাতীয় দলিল খ্যাত বহু বছৰ প্ৰতীক্ষাৰ অন্ততঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিৰ তালিকাত ৩,১১,২১,০০৪ লোকৰ নাম সন্নিবিষ্ট হল । তাৰে ভিতৰত ১৯,০৬,৬৫৭ জনৰ নাম বাদ পৰিল এন আৰ চিৰ তালিকাৰ পৰা । তেনেতে এই ১৯,০৬,৬৫৭ জন লোকৰ মাজত ভূমিপুত্ৰ ,খিলঞ্জীয়া লোকৰ নাম বাদ পৰাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন দল সংগঠনে । সেয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ক্ৰমাৎ বিতৰ্কৰ মাজলৈ সোমাই পৰিছে । কৰবাত যদি ভূমিপুত্ৰই অসম বন্ধ অথবা অৱস্থান ধৰ্মঘটৰ দৰে কাৰ্য্যসূচী হাতত লবলগীয়া হৈছে । কোনোবা আকৌ এন আৰ চিত নাম নহা বাবে ভয়, শংকাত জীৱন অতিবাহিত কৰিব লগীয়া হৈছে । তেনেতে বাক্সাৰ জিলাৰ তামুলপুৰ মহকুমা ভাৰত ভূটান সীমান্তত শতাধিক চানতালী লোকে এন আৰ চিৰ কোনো ধৰণৰ প্ৰ পত্ৰ দাখিল নকৰাৰ ঘটনা পোহৰলৈ আহিছে । হয় এওঁলোক হৈছে ভূমিপুত্ৰ আদিবাসী চানতালী লোক । এওঁলোকৰ সৰহ সংখ্যক লোকে চাহ বাগিচা অথবা ভূটানৰ পাহাৰত খৰি কাটি জীৱিকা নিৰ্বাহ কৰে বৰ্তমানও , যাৰ বাবে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কি এওঁলোকে গমেই নাপালে ।
Conclusion:অথবা বহুতে দীঘলীয়া শাৰী পাতিবলৈ পাই এন আৰ চিৰ প্ৰ পত্ৰ দাখিল কৰাৰ আশা বাদ দিলে । এওঁলোক এতিয়া আশাবাদী যদি ৰাজ্য চৰকাৰে এটা সুবিধা দিয়ে । তেতিয়া হলে নিচ্ছয়কৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নিজৰ নাম সন্নিৱিষ্ট কৰিব পাৰিব বুলি আশাবাদী ।
ভাষ্য : ১/২/৩/৪
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।