বৰমা, 30 আগষ্ট: দেওবাৰে মুছলপুৰত উপস্থিত হৈ অহা নবেম্বৰত বিপিএফ ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব বুলি সংবাদ মাধ্যমযোগে উল্লেখ কৰে ইমানুৱেল মুছাহাৰীয়ে ৷ মই এবাৰ যি ওলাই আহিলো পুনৰ আৰু বিপিএফলৈ ঘূৰি নাযাও বুলিও মন্তব্য কৰিলে নেতাগৰাকীয়ে ৷ ইয়াৰোপৰি তেওঁ কয় যে, সমাগত বিটিচি নিৰ্বাচনত বিজেপিয়ে ২৬ খন আসনৰ ভিতৰত ১৬ খন আসন লাভ কৰিব আৰু নতুন চৰকাৰ গঠনত গুৰুতৰ ভূমিকা গ্ৰহণ কৰিব ৷
বিপিএফ দলৰ সম্পাদক হৈও মই বহু ক্ষেত্ৰত এলাগী, সম্পাদক হৈও মোৰ পচন্দৰ এজনো লোকক মই প্ৰাৰ্থীত্ব দিব নোৱাৰিলো ৷ সকলো হাগ্ৰামা মহিলাৰীৰ মতে হয় বুলিও সংবাদ মাধ্যমযোগে উল্লেখ কৰে দলটোৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে ৷ সম্প্ৰতি বিজেপি দলৰ সৈতে কাম-কাজ চলাই নিয়া বিধায়কগৰাকীয়ে বিটিআৰ চুক্তি সন্দৰ্ভত কয়, বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ চুক্তিত চহী কৰি এতিয়া চুক্তিখনত একো নতুনত্ব নাই বুলি ক'লে নহ'ব ৷ আকৌ হাগ্ৰামা মহিলাৰীয়ে কোৱা ধৰণে বিটিআৰ চুক্তিয়ে যে অকল বড়োসকলকহে উন্নত কৰিব সেয়া অমূলক কথা ৷ চুক্তি মতে যি হয় তাৰ সুবিধা অকল বড়োসকলে কিয়, সকলো ৰাইজে পাব ৷ এইয়া হাগ্ৰামাৰ ৰাজনৈতিক বক্তব্য ৷ এই বক্তব্যৰ দ্বাৰা হাগ্ৰামাই বিটিচিৰ সকলো ৰাইজক ভুল ব্যাখ্যা দিছে ৷ হাগ্ৰামাই বিটিআৰ চুক্তিক লৈ কৰা মন্তব্য সম্পূৰ্ণ নিৰ্বাচনকেন্দ্ৰিক বুলি তেওঁ মন্তব্য কৰে ৷
লগতে পঢ়ক: বন্ধ হোৱাৰ দিশে অসমৰ একমাত্ৰ তীখা উদ্যোগটো, চাওঁক আমাৰ এই প্ৰতিবেদন