ETV Bharat / state

Seeking Help: পুত্ৰৰ চিকিৎসাৰ বাবে অসহায় মাতৃৰ বিননী - Road accident in Gauripur

তামুলপুৰ জিলাৰ গোৰেশ্বৰত এগৰাকী অসহায় মাতৃৰ কাতৰ আহ্বান । পুত্ৰৰ চিকিৎসাৰ খৰচ ব্যয় বহন কৰিব নোৱাৰি ভাগি পৰিছে মাতৃগৰাকী । বিচাৰিছে সুহৃদজনৰ সহায়(Seeking help for treatment) ।

mother seeking help for her son treatment
পুত্ৰৰ চিকিৎসাৰ বাবে অসহায় মাতৃৰ বিননী
author img

By

Published : Oct 21, 2022, 6:59 PM IST

তামুলপুৰ, ২১ অক্টোবৰ: তামুলপুৰৰ গোৰেশ্বৰত এগৰাকী মাতৃয়ে নীৰৱে টুকিছে চকুলো । গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন পুত্ৰৰ চিকিৎসাৰ ব্যয় বহন কৰিবলৈ হাতত নাই ধন । পুত্ৰৰ চিকিৎসাৰ খৰচৰ বাবে কৰযোৰে সহায় বিচাৰিছে অসহায় মাতৃগৰাকীয়ে(Seeking help for treatment) ।

জানিব পৰা মতে ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰৰ কেৰ্পাভিঠা গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান ভাস্কৰ ৰাজবংশী কৰ্মৰত আছিল কামৰূপ জিলাৰ গৌৰিপুৰৰ এটা কোম্পানীত । যোৱা ৮ অক্টোবৰত কৰ্মস্থলীৰ পৰা এখন বাইকেৰে দুপৰীয়াৰ আহাৰ খোৱাৰ বাবে ওলাই আহোতেই পিছফালৰ পৰা এখন ডাম্পাৰে ভাস্কৰক খুন্দা মাৰি পলায়ন কৰে(Road accident in Gauripur) ।

ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত ভাস্কৰক পিছত আৰক্ষীয়ে চিকিৎসায়লত ভৰ্তি কৰাই । কিন্তু গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত ভাস্কৰ বৰ্তমানলৈ সুস্থ হোৱা নাই । সৰুতে পিতৃক হেৰুওৱা ভাস্কৰে নানা কষ্টৰে গাঁও অঞ্চলত শাক পাচলি বিক্ৰী কৰি মাতৃৰ লগতে পত্নীক পোহ পাল দি আছিল যদিও তেওঁৰ ব্যৱসায়ৰ লাভেৰে বৰ্তমান পৰিয়ালটো চলাব নোৱাৰি কোম্পানীত কাম কৰিব গৈছিল ।

পুত্ৰৰ চিকিৎসাৰ বাবে অসহায় মাতৃৰ বিননী

কিন্তু নিয়তিৰ কি পৰিহাস পৰিয়ালটোৰ মূল উপাজনকাৰী গৰাকীকে ঘুণীয়া কৰি চিকিৎসালয়ৰ বিচনাত পৰি থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰিলে । ভাস্কৰৰ এই অৱস্থাত মাতৃ আৰু পত্নী নিৰুপায় হৈ পৰিছে । পৰিয়ালটোৱে চিকিৎসাৰ ব্যয় বহন কৰিব নোৱাৰাৰ বাবে উপযুক্ত চিকিৎসাও লাভ কৰাৰ পৰাও বঞ্চিত হৈছে ভাস্কৰ । সেয়েহে মাতৃৰ কাতৰ আহ্বান, অসম ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া বিধান সভা সমষ্টিৰ বিধায়ক ভবেশ কলিতা(State BJP president Bhabesh Kalita)ৰ লগতে ৰাইজলৈ ।

যাতে যি কোনো প্ৰকাৰে সহায়ৰ হাত আগবঢ়াই পুত্ৰক চিকিৎসাৰ ব্যৱস্থা কৰি সুস্থ কৰি তোলে । কাৰোবাৰ কিঞ্চিত সহায়ে হয়তু হাঁহি ঘূৰাই আনিব পাৰে অসহায় পৰিয়ালটিৰ মুখলৈ । আপুনিও যদি পৰিয়ালটিলৈ সহায়ৰ হাত আগবঢ়াব বিছাৰে তেন্তে IFSC NO-UC8A0000540, একাউণ্ট নম্বৰ-05403211027218 ত প্ৰদান কৰিব পাৰিব সহায় । অথবা 9707695345 আৰু 9511577972 ফোনযোগে পোনপটিয়াকৈ যোগাযোগ কৰিব পাৰে পৰিয়ালটোক ।

লগতে পঢ়ক: Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.