বৰমা,1 জুন: প্ৰথমে মিচ কল,তাৰপিছত চিনাকী আৰু পৰৱৰ্তী সময়ত প্ৰেমৰ প্ৰস্তাৱ ! ৰাজ্যৰ পুনৰ ম’বাইল প্ৰেমৰ জালত পৰি দিশহাৰা হোৱাৰ উপক্ৰম হৈছে বাক্সাৰ এগৰাকী যুৱতী ৷ ঘটনাৰ বিৱৰণী অনুসৰি,জিলাখনৰ কুমাৰ পাৰাৰ এগৰাকী যুৱতীৰ লগত ম’বাইলযোগে চিনাকী হয় বৰমাৰ কদমতলা গাঁৱৰ গৌতম বৰ্মন নামৰ এজন যুৱকৰ ৷ যুৱকজনে যুৱতীগৰাকীক প্ৰেমৰ জালত পেলাই বিয়াৰ প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে হোৱাটছ এপ যোগে গহনাৰ ডিজাইন প্ৰেৰণ কৰে ৷ তদুপৰি গৌতমে মহানগৰীত বৈদ্যুতিক ওৱেৰিঙৰ কাম কৰা বুলি ভুৱা পৰিচয় দিয়ে যুৱতীগৰাকীক ৷ যুৱতীগৰাকীয়ে গৌতমৰ চাকৰিৰ লগতে গহনাৰ ডিজাইনত ভোল গৈ প্ৰেমৰ প্ৰস্তাৱত সন্মতি প্ৰদান কৰে ৷ বিগত মাঘত যুৱতীগৰাকীয়ে গৌতমৰ লগত যুগ্ম জীৱনৰ পাতনি মেলে ৷
ইপিনে,বিয়াৰ পিছত গৌতমৰ প্ৰকৃত পৰিচয় ধৰা পৰে পত্নীৰ আগত ৷ লগতে গৌতমে পত্নীৰ পৰিয়ালৰ পৰা নগদ 50,000 টকা বিচাৰি আৰম্ভ কৰে শাৰীৰিক নিৰ্যাতন ৷ বিগত 31 মে’ৰ দিনা যুৱতীগৰাকী দেউলগুৰীৰ মাহীয়েকৰ ঘৰত থকাৰ পিছতো স্বামী গৌতমে পত্নীক মাতি আনি পিতৃগৃহৰ পৰা দাবী কৰা ধন অনাৰ নিৰ্দেশ দিয়াৰ লগতে শাৰীৰিকভাৱে নিৰ্যাতন চলায় ৷ এই ঘটনাৰ সাক্ষী হয় বহু স্থানীয় লোক ৷ অৱশেষত নিৰ্যাতিতা পত্নীয়ে বৰমা আৰক্ষী থানাত স্বামীৰ বিৰুদ্ধে ৰুজু কৰে এক গোচৰ ৷ সম্প্ৰতি ন্যায়ৰ অপেক্ষাত আছে নিৰ্যাতিতা যুৱতী গৰাকী ৷
লগতে চাওকঃ প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ সপোনক বাস্তবায়িত কৰাৰ দিশে ৰঙিয়াবাসী