ETV Bharat / state

গোৰেশ্বৰৰ গৰাখহনীয়া পৰিদৰ্শন সাংসদ নৱ শৰণীয়াৰ

শনিবাৰে বাক্সাৰ গোৰেশ্বৰৰ গৰাখহনীয়া পৰিদৰ্শন কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ গৰাখহনীয়াৰ লগতে অঞ্চলটোৰ আন আন সমস্যাৰ বুজ লয় সাংসদ গৰাকীয়ে ৷

author img

By

Published : Aug 1, 2020, 12:18 PM IST

Goreswar erosion area visited by MP Naba Sarania
গোৰেশ্বৰৰ গৰাখহনীয়া পৰিদৰ্শন সাংসদ নৱ শৰণীয়াৰ

বাক্সা, 1 আগষ্ট: বাক্সাৰ গোৰেশ্বৰত শনিবাৰে উপস্থিত হয় সাংসদ নৱ শৰণীয়া ৷ BTCত GSPৰ চৰকাৰ আহিলে নদী খান্দি স্থায়ী সমাধানৰ আশ্বাস দিয়ে সাংসদগৰাকীয়ে ৷

উল্লেখ্য যে, বিগত কিছুদিন ধৰি ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ভূটান পাহাৰৰ পৰা বৈ অহা পুঠিমাৰী নৈয়ে সৃষ্টি কৰা খহনীয়াই কালৰূপ ধাৰণ কৰিছে ৷ বাক্সাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত 1নং শুৱাগপুৰত গাঁৱখনৰ কেইবাটাও পৰিয়ালৰ ভেটি মাটিৰ ক্ষতিসাধন কৰিছে গৰাখহনীয়াই ৷ পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে অঞ্চলটোত ব্যাপক ক্ষতিসাধন কৰাৰ উপৰিও প্ৰায় শতাধিক বিঘা কৃষিভূমি গৰাখহনীয়াত জাহ গৈছে ৷

ইফালে, নদীৰ পানী কমাৰ পাচতে গৰাখহনীয়াৰ প্ৰকোপ দুগুণে বৃদ্ধি পোৱাৰ ফলত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৷ তদুপৰি গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা গাঁওবাসীৰ অন্য এটা জলন্ত সমস্যা হৈছে নিশা হ’লেই অঞ্চলটোত চলে বনৰীয়া হাতীৰ তাণ্ডৱ ৷

কিন্তু এই সকলোবোৰ সমস্যা সমাধানত ব্যৰ্থ চৰকাৰ । এতিয়া জনপ্ৰতিনিধিৰ আশ্বাসত দিন অতিবাহিত কৰিছে গাঁওবাসীয়ে ৷ সাংসদ নৱ শৰণীয়াই গাঁওবাসীৰ মাজত উপস্থিত হৈ গাঁওবাসীৰ সমস্যাৰ ক্ষেত্ৰত চৰকাৰে কৰা আওকাণক তীব্ৰ সমালোচনা কৰে ৷

লগতে পঢ়ক : গোৱালপাৰাত নদীৰ পৰা জব্দ শাল গছৰ কুণ্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.