ETV Bharat / state

বাক্সাৰ তামুলপুৰত জুৱাৰী কৰায়ত্ত

author img

By

Published : Jun 5, 2021, 2:24 PM IST

অসামাজিক কাৰ্য-কলাপৰ বিৰুদ্ধে সষ্টম হৈছে তামুলপুৰ আৰক্ষী ৷ বাক্সাৰ বিভিন্ন অঞ্চলত আৰক্ষীয়ে অভিযান চলাই বৰবিলা গাঁৱৰ জুৱা খেলৰ পৰা ডাইচ মেটসহ পাঁচটা ডাইচ(dice)ৰ গুটি জব্দ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰোপৰি গোৰেশ্বৰ চ’কৰ অভিযানত চাৰিগৰাকী জুৱাৰীক আটক কৰে ৷

gambler-arrest-at-baksa
বাক্সাৰ তামুলপুৰত গ্ৰেপ্তাৰ জুৱাৰী

বাক্সা,5 জুন: অসামাজিক কাৰ্য-কলাপৰ বিৰুদ্ধে পুনৰ সষ্টম হৈছে তামুলপুৰ আৰক্ষী । সমগ্র ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছ আৰু অসামাজিক কাৰ্য-কলাপৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ বাক্সা জিলাৰ তামুলপুৰ আৰক্ষীয়েও ড্ৰাগছ, জুৱা(gambling) আৰু অসামাজিক কাৰ্য-কলাপৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে ।

বাক্সাৰ তামুলপুৰত জুৱাৰী কৰায়ত্ত

শুকুৰবাৰে এক গোপন সূত্ৰৰ পম খেদি তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দ্বীপেন কলিতা আৰু আৰক্ষী উপ পৰিদৰ্শক নিপন গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বৰবিলা গাঁৱত অভিযান চলায় । অভিযানকালত আৰক্ষীৰ দলটোৱে ফজিদ আলী(42) নামৰ এজন লোকক আটক কৰে । ফজিদৰ জিম্মাৰ পৰা এখন ডাইচ মেট(dice mate) সহ পাচটা ডাইচ(dice)ৰ গুটি জব্দ কৰাৰ লগতে জুৱা খেলৰ স্থানৰ পৰা দুখন মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

gambler-arrest-at-baksa
বাক্সাৰ তামুলপুৰত জুৱাৰী কৰায়ত্ত

জানিব পৰা মতে, ফজিদৰ ঘৰ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত অৰৰা গাঁৱত । ফজিদৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰি মুছলপুৰৰ আদালতত হাজিৰ কৰোৱাৰ পাচতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ।

আনফালে,বিগত ২ জুনৰ সন্ধিয়া তামুলপুৰ মহকুমা সদৰৰ গোৰেশ্বৰ চ’কত এখন জুৱা খেল উৎখাত কৰাৰ লগতে চাৰিগৰাকী জুৱাৰী(gambler)ক আটক কৰে আৰক্ষীয়ে । এই জুৱা খেলৰ পৰা আৰক্ষীয়ে ত্ৰিশ হাজাৰতকৈ অধিক নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় । দৰংগা মেলা আৰক্ষীয়েও ড্ৰাগছ বিৰোধী এক অভিযানত ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত ফাইজল খান(28) নামৰ যুৱকক আটক কৰে ৷ এন কে দৰংগাৰ পৰা আটক কৰি ফাইজল খানক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক: সৰ্থেবাৰীত আটক ড্ৰাগছ মাফিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.