ETV Bharat / state

বৰমাত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

author img

By

Published : Feb 18, 2021, 9:11 AM IST

ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি বৰমাত অনুষ্ঠিত কৰা হৈছে বিনামূলীয়া চকু চিকিৎসা শিবিৰ ৷ 18 জানুৱাৰীৰ পৰা সমগ্ৰ দেশতেই আৰম্ভ হোৱা পথ সুৰক্ষা মাহ উপলক্ষে বুধবাৰে বাক্সাৰ পথ সুৰক্ষা সমিতিৰ দ্বাৰা আয়োজন কৰা এই বিনামূলীয়া চিকিৎসা শিবিৰত সেনাৰ বিষয়াসকলে অংশগ্ৰহণ কৰে ৷

বৰমাত বিনামূলীয়া চকু চিকিৎসা শিবিৰ
বৰমাত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

বাক্সা,18 ফেব্ৰুৱাৰী: সমগ্ৰ দেশতেই 18 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা পথ সুৰক্ষা মাহ উপলক্ষে বিভিন্ন প্ৰান্তত অনুষ্ঠান আৰু সচেতনতামূলক জনসভা অনুষ্ঠিত কৰাৰ লগতে পথ সুৰক্ষা সমিতিসমূহৰ দ্বাৰা আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ ৷ বুধবাৰে বাক্সাৰ পথ সুৰক্ষা সমিতিৰ দ্বাৰা আয়োজন কৰা হয় বিনামূলীয়া চিকিৎসা শিবিৰ ৷

বৰমাৰ সেনা বাহিনীৰ খেলপথাৰত অনুষ্ঠিত কৰা এই চিকিৎসা শিবিৰত টেম্প' চালক, অটো চালককে ধৰি চাৰিচকীয়া বাহনৰ চালকসকলে অংশ লয় । পথ সুৰক্ষা, জীৱন ৰক্ষা শীৰ্ষক শ্ল'গান যাতে সকলো ৰাইজে মনত ৰাখে, তাৰ বাবে আহ্বান জনাই চকু চিকিৎসক ডাঃ প্ৰীতিৰাণী দাসে ৷ পথ সুৰক্ষা মাহ উপলক্ষে আয়োজিত এই চকু চিকিৎসা শিবিৰত বৰমাত থকা সেনাৰ বিষয়া সকলে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : আলি-আয়ে-লৃগাং উদযাপনৰ পৰা বঞ্চিত লাইকা-দধিয়াবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.