ETV Bharat / state

বাঁহীৰ সুৰত মুৰ্চ্ছনা তুলি লোকসংগীতৰ যাত্ৰা অব্যাহত জন্মান্ধ শিল্পী কুমুদ শৰ্মাৰ

টিহুৰ জলখানা চুপা পাতিগাড়া গাঁৱৰ বাসিন্দা কুমুদ শৰ্মাই জন্মৰে পৰাই দুইচকুৰে নেদেখে ৷ কিন্তু সুৰৰ যাদুকৰ শৰ্মাই বাঁহী আৰু দোতাৰা বজাই আজিও অব্যাহত ৰাখিছে লোকসংগীতৰ চৰ্চা ৷

author img

By

Published : Jun 9, 2019, 7:39 PM IST

জন্মান্ধ শিল্পী কুমুদ শৰ্মা

টিহু, 9 জুনঃ দেওবাৰে বৰমাৰ 127E ঘাইপথৰ পদপথত ৰাইজক আৱদ্ধ কৰিলে বাঁহী আৰু দোতাৰাৰ শব্দই ৷ এগৰাকী বিশেষ ব্যক্তিয়ে বজোৱা বাঁহী আৰু দোতাৰাৰ শব্দত ৰৈ যায় পথটোৰে পাৰ হৈ যোৱা প্ৰতিগৰাকী পথচাৰী ৷

দিনৰ 3 বজাত প্ৰখৰ ৰ'দক আঁওকান কৰি এগৰাকী ব্যক্তিয়ে এইদৰে পৰিৱেশন কৰে লোকসংগীত ৷ এইগৰাকী ব্যক্তিয়ে হৈছে টিহুৰ জলখানা চুপা পাতিগাড়া গাঁৱৰ নিবাসী কুমুদ শৰ্মা ৷ জন্মৰে পৰাই দুইচকুৰে নেদেখা শিল্পীগৰাকীৰ সুৰত প্ৰাণ পাই উঠে লোকসংগীতে ৷

জন্মান্ধ শিল্পী কুমুদ শৰ্মা

অধিক পঢ়কঃ প্ৰদীপ হাজৰিকাৰ হাতৰ পৰশে জীৱন্ত ৰূপ দিছে মুখা শিল্পক

কিন্তু এইগৰাকী লোকসংগীত চৰ্চা কৰা শিল্পীয়ে আজিলৈ লাভ নকৰিলে কোনো চৰকাৰী সুবিধা ৷ যিটো সময়ত চৰকাৰে শিল্পীৰ বাবে লাখটকীয়া আঁচনিৰ কথা ঘোষণা কৰিছে তেনেসময়তে এইদৰে অৱহেলিত হৈ ৰৈছে এইসকল লোকসংগীত শিল্পী ৷

Slug as_bak_9jun_footpath_singer_vis1_7203823

টিহুৰ কুমুদ শৰ্মাৰ পদোপথত গীত গাই জীৱিকা নিৰ্বাহ ।

দেওবাৰে বাহীৰ সুৰেৰে মতলীয়া কৰিলে বাক্সাৰ জিলাৰ বৰমাৰ ১২৭ E পথৰ পদোপথত । টিহু জলখানা চুপা পাতিগাড়া গাঁৱৰ নিবাসী কুমুদ শৰ্মা জন্মৰে পৰা  দুচকুৰে নেদেখিলেও বাহী আৰু দটোৰা অনাসয়ে সুৰীয়াকৈ বজাব পাৰে আৰু তেওঁৰ সুৰীয়া লোকগীতত প্ৰান পাই উঠে বাস্তৱ জীয়া ছবি। দেওবাৰে দিনৰ ৩ বজাত প্ৰখৰ ৰদকো প্ৰত্যাহ্বান জনাই
কুমুদ শৰ্মাই বৰমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰৰ পদোপথত বাহী ,দোটো আৰু লোক গীতেৰে পথচাৰীক আকৰ্ষণ কৰিবলৈ সক্ষম হয় । তেওঁ জানিব দিয়া মতে ডাঙৰ পৰিয়ালটোক বিভিন্ন ঠাইৰ পদোপথত এনেদৰে গীত গাই ৰাইজৰ যথেষ্ট সহাৰি লাভ কৰি দহ বিশ টকাৰে পৰিয়ালটোক সুকলমে চলাই নিবলৈ সক্ষম হৈছে ।

ভাষ্য

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.