ETV Bharat / state

Emanuel Musahary resigns from BJP: বিজেপি এৰি পুনৰ হাগ্ৰামাৰ কাষলৈ ইমানুৱেল মুছাহাৰী ! - Emmanuel Mushahary resigns from BJP

বিজেপি ত্যাগ কৰি পুনৰ বিপিএফলৈ যাবলৈ সাজু হৈছে প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে ৷ ‘‘সবকা সাথ সবকা বিকাশৰ কৰিছে বিজেপিয়ে ৷ কিন্তু সকলোকে বিশ্বাস কৰিব পৰা নাই বিজেপিয়ে ৷’’ এই বিস্ফোৰক অভিযোগ প্ৰাক্তন বিজেপি নেতা মুছাহাৰীৰ ৷

Emanuel Musahary resigns from BJP
পদুম এৰি নাঙল ধৰিবলৈ পুনৰ সাজু হৈছে ইমানুৱেল মুছাহাৰী
author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 9:31 PM IST

পদুম এৰি নাঙল ধৰিবলৈ পুনৰ সাজু হৈছে ইমানুৱেল মুছাহাৰী

বাক্সা, 8 অক্টোবৰ : ‘‘ঘৰৰ মানুহ ঘৰলৈ’’ উভতিবলৈ টালি-টোপোলা বান্ধি সাজু হৈছে ৷ বিজেপিৰ পৰা একাপ চাহো নোখোৱাকৈ সদল-বলে পুনৰ পুৰণি দললৈ উভতিবলৈ সাজু হৈছে তামুলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী ৷ উল্লেখ্য যে, 2020 চনৰ 22 নবেম্বৰত বিপিএফ ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছিল মুছাহাৰীয়ে ৷

মাত্ৰ তিনিবছৰতে ইমানুৱেল মুছাহাৰীৰ বাবে বিজেপি হৈ পৰিল পানী খোৱা পুখুৰীত বিষ ঢলা দল ৷ সেয়ে বিজেপি দল ত্যাগ কৰি বিপিএফত যোগদান কৰিবলৈ সাজু হৈছে ইমানুৱেল মুছাহাৰীয়ে ৷ দেওবাৰে বিজেপিৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ প্ৰদান কৰি তামুলপুৰত সংবাদমেল আয়োজন কৰে প্ৰাক্তন বিজেপি নেতা মুছাহাৰীয়ে ৷

কিয় বিজেপিৰ পৰা পদত্যাগ কৰিলে ? কি কাৰণে বিজেপিত যোগদান কৰিছিল ? বিজেপিয়ে মোছাহাৰী কি পদ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ? সংবাদমেল যোগে এই সকলোবাৰ প্ৰশ্নৰ উত্তৰ দিলে সদ্য বিজেপি ত্যাগী তথা প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে ৷

‘‘সবকা সাথ সবকা বিকাশৰ কৰিছে বিজেপিয়ে ৷ কিন্তু সকলোকে বিশ্বাস কৰিব পৰা নাই বিজেপিয়ে ৷ সেয়ে মোক নামমাত্ৰ পদ দিলে ৷ সেই সময়ত সকলোৱে বিজেপিক আঁকোৱালি লৈছিল ৷ সেয়ে পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপিত যোগদান কৰিছিলোঁ ৷ প্ৰায় 15 হাজাৰ লোকক উপস্থিতি মই যোগদান কৰিছিল ৷ কিন্তু আমাক বিশ্বাসত ল’ব নোৱাৰিলে ৷’’ এই আক্ষেপ প্ৰাক্তন বিজেপি নেতা ইমানুৱেল মুছাহাৰীৰ ৷

তেওঁ লগতে কয়, ‘‘বিটিচ ৰাইজক কেৱল বিপিএফৰ জৰিয়তে সেৱা কৰিব পাৰিম ৷ সেয়ে মই বিপিএফত যোগদনা কৰিম ৷ পৰৱৰ্তী সময়ত ব্লক পৰ্যায়ত বিপিএফত যোগদান কৰিম ৷’’

লগতে পঢ়ক:Hagrama slams Pramod Boro: অকলেই লোকসভা নিৰ্বাচনত যুঁজিব হাগ্ৰামা বাহিনীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.