ETV Bharat / state

প্ৰতীক হাজেলাৰ বিৰুদ্ধে এজেহাৰ দাখিল বিটিচিৰ প্ৰাক্তন কার্যবাহী সদস্যৰ

author img

By

Published : Sep 5, 2019, 11:16 PM IST

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ তথা ২৭ নং নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য ৰবীন বালা বিশ্বাসে বৃহস্পতিবাৰে তামুলপুৰ থানাত ৰুজু কৰিলে গোচৰ ৷

প্ৰতীক হাজেলাৰ বিৰুদ্ধে এজেহাৰ দাখিল বিটিচিৰ প্ৰাক্তন কার্যবাহী সদস্যৰ

বাক্সা, 5 ছেপ্তেম্বৰঃ সদ্যপ্ৰকাশিত নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত নাম প্ৰকাশ নোপোৱাৰ প্ৰতিবাদত বৃহস্পতিবাৰে এন আৰ চিৰ কৰ্তৃপক্ষ তথা ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে তামুলপুৰ থানাত গোচৰ ৰুজু কৰিলে তামুলপুৰ মহকুমাৰ তথা দুবাৰকৈ ২৭ নং নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য ৰবীন বালা বিশ্বাসে ৷ প্ৰথম আৰু দ্বিতীয় খচৰাত নাম থকাৰ পিছতো পূৰ্ণাংগ এন আৰ চি খনত নাম সন্নিৱিষ্ট নোহোৱাত একাংশ ৰাজনৈতিক দল আৰু জাতীয় সংগঠনে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে বৰ্তমানৰ বিজেপি নেতা গৰাকীয়ে । এন আৰ চিৰ সৈতে জড়িত একাংশ বিষয়া কৰ্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই সদ্যঘোষিত এন আৰ চিৰ খচৰাৰ পৰা বহু স্বদেশী লোকৰ নাম বাদ পৰা বুলিও অভিযোগ কৰে নেতাগৰাকীয়ে ।

Intro:তামুলপুৰ আৰক্ষী থানাত প্ৰতীক হাজেলাৰ বিৰুদ্ধে এজেহাৰ দাখিল বিটিচিৰ প্ৰাক্তন কার্যবাসী সদস্য

Body:বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ তথা দুবাৰকৈ ২৭ নং নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য ৰবীন বালা বিশ্বাসে বৃহস্পতিবাৰে তামুলপুৰ থানাত ৰুজু কৰিলে এটি গোচৰ। প্ৰথম আৰু দ্বিতীয় খচৰাত নাম থকাৰ পিছতো পূৰ্ণাংগ এন আৰ চি খনত নাম সন্নিৱিষ্ট নোহোৱাত একাংশ ৰাজনৈতিক দল আৰু জাতীয় সংগঠনে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে বৰ্তমানৰ বিজেপি নেতা গৰাকী। তাৰোপৰি তামুলপুৰ বিধান সভা সমষ্টিৰ বিভিন্ন অঞ্চলত উপযুক্ত নথি পত্ৰ থকাৰ পিছতো নাম সন্নিৱিষ্ট নোহোৱাত ক্ষোভিত হৈ পৰিছে বহু লোক। এন আৰ চিৰ সৈতে জড়িত একাংশ বিষয়া কৰ্মচাৰীৰ দায়িত্বহীনতাৰ বাবেই বহু স্বদেশী লোকৰ নাম বাদ পৰিছে সদ্যঘোষিত এন আৰ চিৰ খচৰাৰ পৰা বুলিও উল্লেখ কৰিছে নেতা গৰাকীয়ে।
Conclusion:যাৰ বাবে আজি এন আৰ চিত নাম নথকা বহু ব্যক্তিৰ উপস্থিতিত তামুলপুৰ থানাত বিজেপি নেতা ৰবীন বালা বিশ্বাস, আৰু বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰাত্তন সভাপতি নিখিল দে, পৃথকে পৃথকে দুটাকৈ গোচৰ ৰুজু কৰিছে প্ৰতীক হাজেলাৰ ওপৰত।

ভাষ্য

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.