ETV Bharat / state

বৰনদীৰ মথাউৰি নিৰ্মাণৰ কাম অসম্পূৰ্ণ শংকিত নৈ পৰিয়া ৰাইজ

বাক্সা জিলাৰ তামুলপুৰৰ গুৱাবাৰীৰ বৰনৈ পৰীয়া ৰাইজ এতিয়া চিন্তিত হৈ পৰিছে । আধৰুৱা হৈ আছে বৰনৈ পাৰৰ মথাউৰি নিৰ্মাণৰ কাম ৷ বাৰিষাৰ পূৰ্বে অতি শীঘ্ৰে উক্ত অঞ্চলটোত থকা মথাউৰিটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

author img

By

Published : Apr 28, 2020, 10:21 AM IST

Updated : Apr 28, 2020, 11:47 AM IST

ETV BHARAT
বৰনদীৰ মথাউৰি নিৰ্মাণৰ কাম অসম্পূৰ্ণ শংকিত নৈ পৰিয়া ৰাইজ

বাক্সা, 28 এপ্ৰিলঃ সমাগত বাৰিষাক লৈ চিন্তিত হৈ পৰিছে বাক্সাৰ গুৱাবাৰীৰ নৈ পৰিয়া ৰাইজ । এতিয়ালৈকে সম্পূৰ্ণ নহ'ল বৰনদীৰ পাৰৰ মথাউৰি নিৰ্মাণৰ কাম ৷

Erosion Problem At Baksha

বিশ্ব ত্ৰাস ক'ৰণা ভাইৰাছত ভাৰতবৰ্ষতো ইতিমধ্যে 900 তকৈ অধিক লোকৰ মৃত্যুৰ হৈছে । সেয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে এমাহতকৈ অধিক দিন লক ডাউন সম্পন্ন হৈছে । আনহাতে,ৰাজ্যত সমাগত বাৰিষা ৷ সেয়ে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলীৰ গুৱাবাৰীৰ নৈ পৰীয়া ৰাইজ চিন্তিত হৈ পৰিছে । কাৰণ লক ডাউনৰ পূৰ্বেই স্থানীয় লোকসকলে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীৰ সাহাৰ্য পূজিৰে নাগ্ৰীজুলীৰ বৰনদীৰ পাৰৰ মথাউৰি নিৰ্মাণ কাম আৰম্ভ কৰিছিল। কিন্তু বৰ্তমান পৰিস্থিতিৰ বাবে বন্ধ হৈ পৰিছিল মথাউৰিটো নিৰ্মাণৰ কাম। আনহাতে,যোৱাটো বৰ্ষত অঞ্চলটোত বৰনদীৰ গৰাহখনীয়াত জাহ গৈছিল কেইবাটাও পৰিয়ালৰ ঘৰ- মাটি ভেটি । যিহেতু বাৰিষালৈ বেছি দিন নাই সেই লৈ এতিয়া নৈ পৰীয়া ৰাইজ শংকিত হৈ পৰিছে ৷ অতিশীঘ্ৰে বাৰিষাৰ পূৰ্বে উক্ত অঞ্চলটোত থকা মথাউৰিটো নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক- মঙলবাৰৰ পৰা খুলিব পাৰিব গ্ৰামাঞ্চলৰ দোকান-পোহাৰঃ কেবিনেটৰ সিদ্ধান্ত

Last Updated : Apr 28, 2020, 11:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.