ETV Bharat / state

খহনীয়াত সৰ্বস্ব হেৰুৱাই নৈ বুকুত জাঁপ দিয়াৰ সিদ্ধান্ত নৈপৰীয়াৰ

author img

By

Published : Nov 8, 2020, 1:03 PM IST

বান গ’ল কিন্তু, দুৰ্দশাৰ অন্ত পৰা নাই নৈ কাষৰীয়া ৰাইজৰ ৷ চপৰা চপৰে খহা নৈ গৰাই সঘনে বিপদ মাতিছে এইসকল লোকৰ জীৱনলৈ ৷ বেঁকী নৈৰ প্ৰৱল গৰাখনহীয়াত ঘৰ-বাৰী জাহ যোৱাত উপায়ন্তৰ হৈ পৰিছে লোক সকল ৷ দুখে যেন লগ নেৰিব এইসকল লোকৰ ৷ বেঁকীৰ পাৰত এতিয়া হতভগীয়া নৈ পৰীয়াৰ বিননি ৷

erosion-at-baksa-barpeta-victim-requesting-for-help
বেঁকী নৈৰ খহনীয়াত সৰ্বস্বান্তৰ কৰুণ বিননি

বাক্সা, 8 নৱেম্বৰ :যি আছিল সকলো বেঁকীয়ে লৈ গ’ল ৷ একো উলিয়াবই নাপালোঁ ৷ কিবাকৈ টিনপাতখিনি খুলি ৰাখিছিলোঁ যদিও সেইয়াও ভাগি-ছিগি গ’ল ৷ কিমান কষ্টত আছোঁ ক’ব নোৱাৰোঁ ৷ কোনেও আমাৰ ফালে এবাৰো নাচায় ৷ এতিয়া নৈত জাঁপ দি মৃত্যু বৰণ কৰাৰ বাদে অন্য উপায় নোহোৱা হৈ গ’ল আমাৰ ” ৷ কিমান দুখ কিমান যন্ত্ৰণা সহিব লগা হ’লে নিজৰ জীৱন মৃত্যুৰ ওচৰত সপিবলৈ ইচ্ছা জাগে, সেয়া কেৱল ভোক্তাই হে বুজে ৷ এইসকল লোকৰো একেই দশা ৷ তেওঁলোকৰ জীয়াই থকাৰ সকলো আশা যেন শেষ হৈ আহিছে ক্ৰমশঃ ৷ এওঁলোক বেঁকী নৈৰ পাৰত বাস কৰা লোক ৷

বাক্সা-বৰপেটা জিলাৰ গোৱৰ্ধনা অঞ্চলত বেঁকী নদীৰ ভয়াৱহ খহনীয়াত সৰ্বস্বান্ত হৈছে বহু লোক ৷ বেঁকী নৈৰ প্ৰবল গৰাখহনীয়াত জাহ গৈছে হাজাৰ হাজাৰ বিঘা মাটি,ঘৰ-দুৱাৰৰ লগতে কৃষিভূমি ৷ কিন্তু আজিকোপতি চৰকাৰৰ পৰা কোনোধৰণৰ সহায় পোৱা নাই শ শ খহনীয়াত সৰ্বস্বান্ত হোৱা ৰাইজে ৷ উপায়ন্তৰ এই সকল ৰাইজে অৱশেষত কান্দি কান্দি সহায়ৰ আহ্বান জনাইছে চৰকাৰক ৷

বেঁকী নৈৰ বুকুত জাহ গৈছে নৈপৰীয়াৰ সপোন

চৰকাৰৰ সহায় অবিহনে এতিয়া জীয়াই থকা সম্ভৱ নহয় বুলি উল্লেখ কৰি নৈৰ বুকুত জাঁপ দি মৃত্যুবৰণ কৰাৰ বাদে উপায় নোহোৱা হ’ল বুলি মন্তব্য কৰে ৰাইজে ৷ এইক্ষেত্ৰত চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসৰ পদক্ষেপ কি হ’ব তালৈহে বাট চাই ৰৈছে ভুক্তভোগী ৰাইজে ৷

উল্লেখ্য যে, বছৰ বছৰ ধৰি বাক্সা-বৰপেটা জিলাৰ গোৱৰ্ধনা অঞ্চলৰ বিভিন্ন গাঁৱত ভূটানৰ পৰা মানাহৰ মাজেৰে বৈ অহা বেঁকী নৈয়ে তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰি আহিছে ৷ অতিসম্প্ৰতি বেঁকী নৈৰ পানী খৰালিৰ বাবে কমি যাবলৈ আৰম্ভ কৰিছে যদিও তাৰ সমান্তৰালভাৱে বেঁকীপৰীয়া ৰাইজৰ বাবে অভিশাপ হৈ দেখা দিছে আন এক সমস্যাই ৷

বেঁকী নৈৰ খহনীয়াত সৰ্বস্বান্ত নৈপৰীয়া ৰাইজ

কাৰণ যিমানেই বেঁকী নৈৰ পানী কমি আহিছে সিমানেই ঘনে প্ৰতি বৃদ্ধি পাইছে গৰাখহনীয়া ৷ চপৰা চপৰে বেঁকীৰ গৰা খহাৰ দৃশ্য দেখি নৈপৰীয়া ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷

erosion-at-baksa-barpeta-victim-requesting-for-helpবেঁকীৰ বুকুত জাহ গ’ল বৃহৎ অংশ

বিশেষকৈ বাক্সা জিলাৰ শালবাৰীৰ গোৱৰ্ধনা গাঁৱত আৰম্ভ হৈছে তীব্ৰ গৰাখহনীয়া ৷ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত সমগ্ৰ গোৱৰ্ধনা গাঁও খনেই বেঁকী নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ উল্লেখনীয় এতিয়ালৈকে বিধ্বংসী গৰাখহনীয়াৰ ফলত গাঁও খনৰ শতাধিক পৰিয়ালে নৈৰ বুকুত নিজৰ ঘৰ মাটি হেৰুৱালে ৷

erosion-at-baksa-barpeta-victim-requesting-for-helpবেঁকী নৈৰ কালৰূপ

বহুতেই নিজৰ ঘৰবাৰী এৰি সমীপৰ গাঁৱৰ পৰিয়ালত আশ্ৰয় লোৱাৰ বিপৰীতে একাংশই পথাৰৰ মাজত ত্ৰিপাল তৰি পাৰ কৰিছে ৰাতি-দিন ৷ ইতিমধ্যে নিজৰ লাম-লাকটু লৈ নৈৰ পাৰৰ পৰা নিৰাপদ দূৰত্বলৈ আঁতৰি গৈছে কেইবাটাও পৰিয়াল ৷

লগতে পঢ়কঃ উপায়ুক্তৰ সমুখতেই হাতত বন্ধুক লৈ ঠিয় মিজো যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.