ETV Bharat / state

এতিয়া যে পথাৰত জাক জাক হাড়গিলা

author img

By

Published : Jun 14, 2019, 10:06 AM IST

Updated : Jun 14, 2019, 2:14 PM IST

বাক্সাৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৱৰ্তী পথাৰত বিলুপ্তপ্ৰায় হাড়গিলা চৰায়ে শোভাবৰ্ধন কৰিছে । এই নান্দনিক দৃশ্য প্ৰতিজন পথচাৰীয়ে নিজ মোবাইলৰ কেমেৰাত বন্দী কৰি ৰখা দেখা গ'ল ।

হাড়গিলাই শোভাবৰ্ধন কৰিছে বাক্সাৰ পথাৰ

বাক্সা, ১৪ জুন : বাক্সা জিলাৰ অন্তৰ্গত মানস ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৱৰ্তী শিমলাৰ ১২৭ E আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰৰ এখন পথাৰত বিলুপ্তপ্ৰায় হাড়গিলাৰ জাকে শোভাবৰ্ধন কৰিছে । স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, এই পথৰ কাষতে থকা পথাৰখনত বাৰিষা আহিলেই খাদ্যৰ সন্ধানত হাড়গিলাৰ জাকে ভৰি পৰে ৷ হাড়গিলাৰ এই নান্দনিক দৃশ্য প্ৰতিজন পথচাৰীয়ে নিজ মোবাইলৰ কেমেৰাত বন্দী কৰি ৰাখিছে ।

হাড়গিলাই শোভাবৰ্ধন কৰিছে বাক্সাৰ পথাৰ

উল্লেখ্য যে, এসময়ত শদিয়াৰ পৰা ধুবুৰীলৈকে এই চৰাইবিধে বাৰিষাৰ পথাৰ ভৰি পৰিছিল যদিও একাংশ লোকৰ কোপদৃষ্টিত ক্ৰমান্বয়ে বিলুপ্তিৰ দিশলৈ আগবাঢ়িছে । বিৰল প্ৰজাতিৰ এই চৰাইবিধ প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে সংৰক্ষণৰ ব্যৱস্থা কৰিলেহে বিলুপ্তিৰ পৰা ৰক্ষা পৰিব ।

Slug:as_bak_14june_crane_birds_spl_vis1_to_vis2_7203823

Visual Through FTP

বাক্সাৰ পথাৰত হাড়গিলাৰ শোভা
পথচাৰীৰ দৃষ্টি কাঢ়িছে বিলুপ্তিপ্ৰায় হাড়গিলাৰ জাকে

     হাড়গিলাৰ জাকে শোভাবৰ্ধন কৰিছে বাক্সাৰ পথাৰত ৷ বিলুপ্তিপ্ৰায় হাড়গিলাৰ জাকে দৃষ্টি কাঢ়িছে পথচাৰীক । এই দৃশ্য বাক্সা জিলাৰ অন্তৰ্গত মানাস ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তবৰ্তী শিমলাৰ ১২৭ E আন্তঃৰাষ্ট্ৰীয় ঘাই-পথৰ ওচৰৰ এখন পথাৰৰ ৷ যত এতিয়া বিচৰণ কৰিছে বিলুপ্তিপ্ৰায় হাড়গিলাৰ জাকে ৷ স্থানীয় লোকে জানিব দিয়া মতে এই পথটোৰ কাষতে থকা পথাৰখনত বাৰিষা আহিলেই হাড়গিলাৰ জাকে ভৰি পৰে আৰু পথাৰত মাছ ,ভেকুলী চিকাৰ কৰে ৷ এইটো  পথটোৰে যোৱা পথচাৰীয়ে গাড়ী ৰখাই নিজৰ নিজৰ মবাইলৰ কেমেৰাত বন্দী কৰাৰ লগতে উপভোগ কৰে হাড়গিলাৰ নান্দনিক দৃশ্য । উল্লেখ্য যে এসময়ত এই হাড়গিলা চৰাই বিধ শদিয়াৰ পৰা ধুবুৰীলৈকে বাৰিষাৰ পথাৰ সমূহত ভৰি পৰিছিল কিন্তু এতিয়া এই চৰাই বিধৰ ওপৰতো একাংশ লোকৰ কোপ দৃশ্য পৰাত ক্ৰমান্বয়ে বিলুপ্তিৰ দিশলৈ গতি কৰিছে । যাৰ বাবে ক্ৰমাৎ বিৰল প্ৰজাতিৰ চৰাই বিধ এতিয়া খেতি পথাৰত খুব কম সংখ্যক ঠাইতহে দেখিবলৈ পোৱা যায় ৷ অৱশ্যে যদিহে প্ৰকৃতি প্ৰেমি সংগঠনসমুহে সংৰক্ষণৰ ব্যৱস্থা কৰে তেন্তে বিলুপ্তিৰ পৰা ৰক্ষা হব চৰাইবিধ ৷

ভাষ্য: স্থানীয় লোক ৷

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম।
Last Updated : Jun 14, 2019, 2:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.