ETV Bharat / state

বাক্সাৰ কুমাৰীকাটাত ফুলিছে বেলুন ফুল

author img

By

Published : Jun 2, 2020, 7:08 PM IST

বাক্সাৰ কুমাৰীকাটাৰ নিবাসী বুদ্ধবাহাদুৰ ছেত্ৰী ঘৰৰ চোতালত ফুলিছে এবিধ ব্যতিক্ৰমী ফুল ৷ এই ফুলবিধ চাবলৈ এতিয়া ভিৰ কৰিছে বহুলোকে ৷

বাক্সাৰ কুমাৰীকাটাত ফুলিছে বেলুন ফুল
বাক্সাৰ কুমাৰীকাটাত ফুলিছে বেলুন ফুল

বাক্সা, 2 জুনঃ এবিধ বেলুনৰ আকৃতিৰ ফুল,প্ৰথমে বেলুনৰ আকৃতি লয় তাৰ পিছত বেলুন ফাটি সৰু সৰু ফুলৰ ৰূপ লয়। যদিও ফুল বিধৰ কোনো ধৰণৰ সুগন্ধি নাই তথাপিও এক ব্যতিক্ৰমী ফুল বুলি ক'ব পাৰি । কিয়নো বেলুনৰ ৰূপ লোৱাৰ সময়ত ফুলটোৰ ওপৰত শুং ৰ নিচিনা কিছু অংগ দেখিবলৈ পোৱা যায়। পিচে গৃহস্থইও নাজানে ফুলবিধৰ ইতিবৃত্ত ৷ দেখিবলৈ আজৱ এই ফুলবিধৰ নাম কি আচলতে ?

বাক্সাৰ কুমাৰীকাটাত ফুলিছে বেলুন ফুল
জানিব পৰা মতে এই ফুল বিধ দক্ষিণ আফ্ৰিকা অথবা মধ্য প্ৰাচ্য আদি দেশত পোৱা যায় । আনহাতে এই ফুলবিধৰ বৈজ্ঞানিক নাম "Gomphocarpus Physocarpus" সাধাৰণতে হেয়াৰ বল,বেলুন গছ,বেলুন কটন ব্ৰাচ ,বিচপ বল,নাইল হেড,চোন গছ আদি নামেৰে জনা যায় । যদিও ভাৰতবৰ্ষত এইফুল বিধৰ উপস্থিতি বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।
Different types Flower bloom in baksha district of assam etv bharat news
বুদ্ধবাহাদুৰ ছেত্ৰী ঘৰৰ চোতালত ফুলিছে এবিধ ব্যতিক্ৰমী ফুল
উল্লেখ্য যে বৰ্তমান এই ফুলবিধে শোভাবৰ্ধন কৰি আছে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ কুমাৰীকাটা নিবাসী শিক্ষক বুদ্ধবাহাদুৰ ছেত্ৰীৰ চোতালত । শিক্ষক বুদ্ধবাহাদুৰ ছেত্ৰীৰ ভতিজা প্ৰাঞ্জল ছেত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি শিক্ষক গৰাকীক তেওঁৰে এগৰাকী ছাত্ৰীয়ে উপহাৰ হিচাপে দিছিল এই ফুলবিধ আৰু বৰ্তমান তেওঁলোকৰ ঘৰত দুজোপা এই বেলুন ফুল আছে ।

লগতে চাওকঃ বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আহি আছে ছিংগাপুৰৰ বিশেষজ্ঞৰ দ'ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.