ETV Bharat / state

গো পালনেৰে স্বাৱলম্বী আলফাৰ কেন্দ্ৰীয় শীৰ্ষ নেতা

এসময়ত স্বাধীন অসমৰ সপোন দেখি হাতত অস্ত্ৰ লোৱা প্লাৱন হাজৰিকা এতিয়া গো পালনেৰে স্বাৱলম্বী | এইজন আলফাৰ কেন্দ্ৰীয় শীৰ্ষ নেতাই সম্প্ৰতি গো-পালনেৰে উপাৰ্জন কৰাৰ সৎ পথ দেখুওৱাৰ লগতে আন দহজনৰ বাবেও হৈছে প্ৰেৰণাৰ উৎস ৷ চাওক এই প্ৰতিবেদন-

author img

By

Published : Aug 24, 2019, 1:58 PM IST

Updated : Aug 24, 2019, 2:06 PM IST

গো পালনেৰে স্বাৱলম্বী এসময়ৰ আলফাৰ কেন্দ্ৰীয় শীৰ্ষ নেতা

এসময়ত স্বাধীন অসমৰ সপোন দেখি অস্ত্ৰ লোৱা প্লাৱন হাজৰিকা এতিয়া গাইগৰু পালনেৰে স্বাৱলম্বী৷ নিজৰ সীমিত ধনেৰে আৰম্ভ কৰা গো-ফাৰ্মখনত এতিয়া ১২ জনীৰো অধিক উন্নত জাতৰ গাইগৰু পালন কৰি প্ৰতিদিনে ১০০ৰ পৰা ১২০লিটাৰ গাখীৰ উৎপাদন কৰি আন দহজনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে৷
চাওক এই প্ৰতিবেদন-

গো পালনেৰে স্বাৱলম্বী এসময়ৰ আলফাৰ কেন্দ্ৰীয় শীৰ্ষ নেতা

এসময়ত স্বাধীন অসমৰ সপোন দেখি অস্ত্ৰ লোৱা প্লাৱন হাজৰিকা এতিয়া গাইগৰু পালনেৰে স্বাৱলম্বী৷ নিজৰ সীমিত ধনেৰে আৰম্ভ কৰা গো-ফাৰ্মখনত এতিয়া ১২ জনীৰো অধিক উন্নত জাতৰ গাইগৰু পালন কৰি প্ৰতিদিনে ১০০ৰ পৰা ১২০লিটাৰ গাখীৰ উৎপাদন কৰি আন দহজনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে৷
চাওক এই প্ৰতিবেদন-

গো পালনেৰে স্বাৱলম্বী এসময়ৰ আলফাৰ কেন্দ্ৰীয় শীৰ্ষ নেতা
Intro:এসময়ত স্বাধীন অসমৰ সপোন দেখি অস্ত্ৰ লোৱা প্লাৱন হাজৰিকা এতিয়া গাইগৰু পালনেৰে স্বাৱলম্বী



সন্ত্ৰাসবাদৰ বিপৰিতে সংগ্ৰামBody:স্বাধীন অসমৰ সপোন দেখি এসময়ত হাতত অস্ত্ৰ তুলি লৈ বিপ্লৱ আৰম্ভ কৰা নলবাৰী হেমন্ত ৰাজবংশীৰ জীবনলৈ এতিয়া ঘূৰি আহিছে স্বাভাবিক পৰিবেশ। ১৯৯৮ চনত নিসিদ্ব ঘোষিত সংগঠন আলফা স্বাধীনত যোগদান কৰি পৰবৰ্তী সময়ত আলফাৰ ৭০৯নং বেটেলিয়ানৰ 2nd লেফটেন্ট কামণ্ডেন হিচাপে দায়িত্ব লাভ কৰি এক প্ৰকাৰ অসম আৰক্ষীৰ মূৰৰ কামৰনি হৈ উঠিছিল ।তাৰ পৰৱৰ্তী সময়ত২০০০চনত ভূটানত হোৱা অপাৰেচন অল ক্লিয়াৰত মূখ্য ভূমিকা লৈছিল আলফা নেতাজনে আৰু ২০১০চনত আলফাৰ ভালে কেইজন শীৰ্ষ নেতৃত্বৰ সৈতে ভাৰত চৰকাৰৰ ওচৰত আত্মসমৰ্পন কৰি আলোচনাৰ মজিয়ালৈ উভতি আহিছিল এইজন দুধৰ্ষ আলফা নেতা হেমন্ত ৰাজবংশী ওৰফে প্লাৱন হাজৰিকাৰই ।তাৰ পিছৰেই পৰা সাধাৰন জীবন-যাপন কৰা আলফা নেতা জনে ২০১৭চনত নিজৰ ঘৰতে এখন গৰুৰ ফাৰ্ম খুলি একপ্ৰকাৰৰ স্বাৱলম্বীতাৰ নিদৰ্শন দেখুৱাইছে প্ৰথম অবস্হান নিজৰ সীমিত ধনেৰে গো-ফাৰ্মখন আৰম্ভ কৰি আজি ১২ জনীৰো অধিক উন্নত জাতৰ গাইগৰু পালন কৰি প্ৰতিদিনে ১০০ৰ পৰা ১২০লিটাৰ গাখীৰ উৎপাদন কৰি আন দহজনৰ বাবে প্ৰেৰনাৰ উৎস হৈ পৰিছে ।আলোচনাৰ মজিয়াত থাকিও এইজন আলফাৰ কেন্দ্ৰীয় শীৰ্ষ নেতাই সহজ লভ্য ধনৰ পিছত নাযায় গো-পালনেৰে ধনৰ ঘটাৰ সৎ পথ দেখুৱাই অঞ্চলটোতে আদৰ্শ হৈ উঠিছে ।

আনহাতে অালফা অাৰু কেন্দ্ৰীয় চৰকাৰৰ শান্তি আলোচনাৰ ওপৰত সন্টুষ্ট নহয় আলফা নেতাজন। কেন্দ্ৰীয় চৰকাৰৰ শান্তি আলোচনাৰ লেহেমীয়া হোৱাৰ ওপৰতো ক্ষোভ নেতাজনৰ ।Conclusion:কৈলাস ডেকা, নলবাৰী।
Last Updated : Aug 24, 2019, 2:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.