বাক্সা, 02 এপ্ৰিল: সোমবাৰেবাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ অবিভক্ত নলবাৰী জিলাৰ প্ৰাক্তন সম্পাদক শ্বহীদ গৌৰাঙ্গ মণ্ডলৰ 22 সংখ্যক মৃত্যু দিৱস পালন কৰা হয় বাক্সাৰ কুমাৰীকাটাত ৷ ফেডাৰেচনৰ বাক্সাজিলা সমিতিৰ উদ্যোগত আৰু নৱজ্যোতি সংঘৰ সহযোগত বাক্সা তামুলপুৰৰ আঙাৰকাটা অঞ্চলৰ লক্ষীনাৰায়ণপুৰত আয়োজন কৰা হয় মৃত্যু দিৱস৷ অনুষ্ঠানৰ আৰম্ভণিতে ফেডাৰচনৰ পতাকা উত্তোলন কৰি দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি শুচিল দাসে ৷ ফেডাৰচনৰ জিলা সমিতিৰ পতাকা উত্তোলন কৰে জিলা সমিতিৰ প্ৰচাৰ সম্পাদক মহাদেৱ চৌধুৰীয়ে ৷ অনুষ্ঠানত নৱজ্যোতি সংঘৰ পতাকা উত্তোলন কৰে সংঘৰ প্ৰাক্তন সভাপতি ৰতন পুৰকায়স্থই ৷ দিৱসটিৰ শোক পতাকা উত্তোলন কৰে উপেন চৌধুৰীয়ে লগতে শ্বহীদ বেদী মাল্যৰ্পণ কৰে জিলাৰ সভাপতি অধীৰ আৰ্য্যই ৷ শ্বহীদ গৰাকীৰ ভাতৃও উপস্থিত থাকে এই অনুষ্ঠানত ৷ উল্লেখ্য যে, বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ নেতা গৌৰাঙ্গ মণ্ডলক কোনো দুষ্কৃতিকাৰীয়ে নৃশংসভাৱেহত্যা কৰিছিল 1997 চনৰ 1 এপ্ৰিলত ৷
বিয়লি 2 বজাত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰচনৰ বাক্সা জিলা সমিতিৰ সভাপতি অধীৰ আৰ্যৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বাক্সা জিলা সমিতিৰ সাধাৰণ সম্পাদক পৰিমল শীলে । সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিচিৰ মঠনগুৰি পৰিষদীয় সমষ্টিৰ এম চিএল এ গৌতম দাসে ভাষণ প্ৰসংগত কয় যে, বাঙালী লোক সকলৰ বিভিন্ন সমস্যা আছে ৷ এই সমস্যা সমূহ সমাধান হোৱা উচিত ৷ অসমৰ কোনো জাতিৰ ক্ষতি কৰা নাই হিন্দু বাঙালী সকলে ৷ গতিকে চৰকাৰে বাঙালী সকলক নাগৰিকত্ব প্ৰদান কৰিব লাগিব ৷ যোৱা তিনি বছৰ ধৰি হিন্দু বাঙালী সকলে ডি ভোটাৰ, এন আৰ চি আদি বিষয়কলৈ নানা সমস্যাৰ সম্মুখীন হৈ আহিছে ৷ কোনো ৰাজনৈতিক নেতা, দল,সংগঠনে এই বিষয়বোৰ সমাধানৰ ক্ষেত্ৰত কোনো বিশেষ গুৰুত্ব প্ৰদান কৰা নাই ৷ এই সভাত আমন্ত্ৰিত অতিথি হিচাপে স্বপন সৰকাৰ, 2 নং পশ্চিম কুমাৰীকাটা ভিচিডিচিৰ অধ্যক্ষ সুজন পাল, লগতে উপস্থিত থাকে জাতীয় মুক্তি বাহিনী বাঙালী (এন এল এফ বি)ৰ উপমুখ্য সেনাধ্যক্ষ অজিত বিশ্বাস ।