ETV Bharat / state

বাক্সাত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

মংগলবাৰে ৰে বাক্সা জিলাত পালন কৰা হৈছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ৷ জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা উলিওৱা হয় চাইকেল ৰেলী ৷ চাইকেল ৰেলী উদ্ধোধন কৰে বাক্সাৰ জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই ৷

cycle-relly-national-voter-day
ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন বাক্সাত
author img

By

Published : Jan 25, 2021, 12:25 PM IST

Updated : Jan 25, 2021, 12:35 PM IST

বাক্সা,25 জানুৱাৰী : মংগলবাৰে সমগ্ৰ দেশতে উদযাপন কৰা হ’ব 72 সংখ্যক গণৰাজ্য দিৱস ৷ গণৰাজ্য দিৱস উপলক্ষে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্ততো অতি উলহ-মালহেৰে উদযাপন কৰা হ’ব 72 সংখ্যক গণৰাজ্য দিৱস ৷

গণৰাজ্য দিৱসৰ এদিন পূৰ্বে অৰ্থাৎ সোমবাৰে বাক্সা জিলাত পালন কৰা হৈছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ৷ বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা উলিওৱা হয় এক চাইকেল ৰেলী ৷ এই চাইকেল ৰেলী উদ্ধোধন কৰে বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই ৷

ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন বাক্সাত

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ এই ৰেলীত মুছলপুৰস্থিত কেইবাখনো বিদ্যালয়ৰ তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে ৷ বাক্সাৰ এই চাইকেল ৰেলী উদ্ধোধন কৰি জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই কয় যে,এই চাইকেল ৰেলীৰ জৰিয়তে বিশেষকৈ দ্বি-ভোটাৰ সকলৰ মাজত সজাগতা সৃষ্টি কৰাই হৈছে ইয়াৰ মূল উদ্দেশ্য ৷ কেৱল চাইকেল ৰালীয়ে নহয়,দ্বি-ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি উলিওৱা হৈছে বাটৰ নাট,জনসভা আদি বিভিন্ন কাৰ্যসূচীও ৷

লগতে পঢ়ক : কেমেৰাত বন্দী ঢেকীয়াপটীয়া বাঘৰ দৃশ্য

Last Updated : Jan 25, 2021, 12:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.