ETV Bharat / state

Beautiful Picnic spot Chowki : বাক্সাৰ চৌকিত বনভোজৰ আনন্দ - বাক্সাৰ চৌকিত বনভোজৰ আনন্দ

বছৰৰ শেষ দিনকেইটা সকলোৱে হাঁহি-ফূৰ্তিৰে আপোন মানুহ খিনিৰ সৈতে এসাজ খোৱাৰ যো-জা কৰে ৷ সৌন্দৰ্যৰ ৰাণী ৰূপে খ্যাত বাক্সা জিলাৰ চৌকি অঞ্চলত ভিৰ কৰিছেহি বিভিন্ন বনভোজ দলে(Crowd in picnic spot in Assam) ৷ চৌকিৰ মনোমোহা পৰিৱেশে মতলীয়া কৰিছে বনভোজলৈ যোৱা প্ৰতিগৰাকী ব্যক্তিকে ৷ চাও আহক আমাৰ এই প্ৰতিবেদন ৷

Picnic spot Chowk
বাক্সাৰ চৌকিত বনভোজৰ আনন্দ
author img

By

Published : Dec 26, 2021, 4:27 PM IST

বাক্সা, 26 ডিচেম্বৰ : বছৰৰ শেষৰটো দেওবাৰত ৰাজ্যৰ বিভিন্ন বনভোজ স্থলী লোকে লোকাৰণ্য হৈ পৰিছে (Crowd in picnic spot in Assam)৷ চৌদিশে এতিয়া বনভোজৰ যো-জা ৷ প্ৰকৃতিৰ সুন্দৰ সুন্দৰ স্থান সমূহলৈ গৈ মনৰ মানুহখিনিৰ সৈতে এসাঁজ খাই নতুন বছৰক আদৰাৰ পূৰ্ণ প্ৰস্তুতিত ব্যস্ত এতিয়া সকলো ৷

বাক্সা জিলাৰ চৌকি হৈছে তেনে এক মনোৰম স্থান য’ত ভিৰ কৰিছেহি বহুতো বনভোজৰ দলে ৷ সমান্তৰালকৈ সমাগম হৈছে দেশী-বিদেশী পৰ্যটকৰ (Tourist at picnic spot in Assam) ৷ সৌন্দৰ্য ৰাণী ৰূপে খ্যাত বাক্সাৰ চৌকিয়ে শীতৰ আগমনৰ লগে লগে হাত বাউল দি মাতে প্ৰকৃতি প্ৰেমীক ৷ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ চৌকি হৈ পৰিছে বনভোজৰ অন্যতম আকৰ্ষণ স্থলী ৷

বাক্সাৰ চৌকিত বনভোজৰ আনন্দ

বাক্সা জিলাৰ সীমান্তৱৰ্তী তথা ভাৰত-ভূটান সীমান্তত লাগি আছে সৌন্দৰ্য ৰাণী চৌকি ৷ প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ মাজত নিজকে বিলীন কৰি দিবলৈ আজি চৌকিত কেইবাসহস্ৰাধিক লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে ৷

ভূটানৰ পৰা বৈ অহা পাগলা আৰু দিয়াৰ সংগম স্থলৰ কুলু কুলু শব্দ তথা শীতল আৰু নিৰ্মল পানীয়ে পৰ্যটকৰ মন মুহিবলৈ সক্ষম হৈছে । ইতিমধ্যে “হিমালয় চংখ্ৰী চেৰফাং ছচাইট’’ ৰ উদ্যোগত পৰিচালনা কৰা চৌকিৰ বনভোজস্থলীত যি কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হ’বলৈ নিদিয়ে বুলি জানিবলৈ দিয়ে ছ’চাইটিৰ সম্পাদক মাগ্ৰাম বসুমতাৰীয়ে ৷

লগতে পঢ়ক : Christmas 2021 celebration : ৰাজ্যজুৰি উলহ-মালহেৰে পালন বৰদিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.