ETV Bharat / state

একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ আন্তঃগাঠনি দেখি অসন্তুষ্ট কাতিৰাম বড়ো - BTR principal Katiram Boro laid foundation stone for the construction of a wall

বিটিআৰৰ একমাত্ৰ আৱাসিক বিদ্যালয় একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ বেৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে (foundation stone of Eklabya Model Residential School) ৷ বিদ্যালয়খনৰ পকী বেৰসমূহ নিৰ্মাণ কৰিবলৈ চৰকাৰৰ ফালৰ পৰা 1 কোটি টকা আৱণ্টন কৰিছে ৷

BTR principal Katiram Boro laid  foundation stone for the construction of a wall

author img

By

Published : Aug 18, 2022, 10:44 AM IST

বাক্সা, 18 আগষ্ট: বিটিআৰৰ একমাত্ৰ আবাসিক বিদ্যালয় একলব্য আদৰ্শ আবাসিক বিদ্যালয়ৰ বেৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে (BTR Speaker Katiram Boro) ৷ বুধবাৰে বিদ্যালয়খনৰ বেৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি বিদ্যালয়ৰ আন্তঃগাঠনি দেখি অসন্তুষ্টি প্ৰকাশ কৰে কাতিৰাম বড়োৱে (foundation stone at Eklabya model school)৷

একলব্য আদৰ্শ আবাসিক বিদ্যালয়ৰ আন্তঃগাঠনি দেখি অসন্তুষ্ট কাতিৰাম বড়ো

বাক্সা জিলাৰ দলবাৰীস্থিত বিদ্যালয়খনৰ পকী বেৰসমূহ নিৰ্মাণ কৰিবলৈ চৰকাৰৰ ফালৰ পৰা 1 কোটি টকা আৱণ্টন কৰিছে ৷ বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে ২০১৩ চনতে স্থাপিত বিদ্যালয়খনৰ কাম বিগত বিটিচি চৰকাৰৰ দিনত যিমান আগবাঢ়িব লাগিছিল সিমান আগনবঢ়াৰ বাবে বিদ্যালয়খনৰ এই অৱস্থাত থকা বুলি মন্তব্য প্ৰকাশ কৰে ৷ ২০২০ চনত বিটিআৰ চৰকাৰ গঠন হোৱাৰ পিছত বিটিআৰ প্ৰশাসনে বিদ্যালয়খনৰ প্ৰশাসনিক কাম কাজ আগুৱাই নিয়ে ৷

উল্লেখ্য যে আজি পৰ্যন্ত বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীৰ চাকৰি নিয়মীয়া নোহোৱা, খাদ্যৰ বাবে টকা নোপোৱা আদি কেবাটাও সমস্যাৰে জৰ্জৰিত হৈ আছে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিদ্যালয়খন ৷ বিদ্যালয়খনৰ দুৰ্বল আন্তঃগাঠনি দেখিও হতচকিত হয় অধ্যক্ষ গৰাকী ৷ বিদ্যালয়খন পাল মাৰি নিৰ্মাণ কৰি থোৱা বুলিও কয় বড়োৱে ৷ লগতে বিদ্যালয়খনৰ আন্তঃগাঁথনি দুৰ্বলকৈ নিৰ্ণয় কৰাৰ বাবে ঠিকাদাৰৰ ওপৰত কৰ্তৃপক্ষই আইনী ব্যৱস্থা লোৱা বুলিও তেওঁ জানিবলৈ দিয়ে ৷

অৱশ্যে বিদ্যালয়খনৰ সকলো সমস্যা এইবছৰৰ ভিতৰত সমাধান হ'ব বুলি আশ্বাস দিয়ে বিটিআৰৰ অধ্যক্ষ গৰাকীয়ে ৷ এই অনুষ্ঠানত বাক্সা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ভূপেন দেউৰীয়ে বিদ্যালয়খনৰ কাম কাজ খৰতকীয়াকৈ আগবঢ়াই নিয়া হ'ব বুলি দোহাৰে ৷ অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: উত্তৰ গুৱাহাটী হৰে কৃষ্ণ মন্দিৰত আজিৰে পৰা আৰম্ভ জন্মাষ্টমী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.