ETV Bharat / state

বিটিআৰ চুক্তিৰ বিজয় উৎসৱ পালনৰ পূৰ্ণ প্ৰস্তুতি নিখিল বড়ো ছাত্ৰ সন্থাৰ - btr celebration praperation at baksa

শুকুৰবাৰে ঐতিহাসিক বিটিআৰ চুক্তিৰ বিজয় উৎসৱ পালন কৰা হ’ব ৷ কোকৰাঝাৰ জিলাৰ জাংখ্ৰীখাই পথাৰত অনুষ্ঠিত হ’বলগীয়া এই বিজয় উৎসৱত অংশ লব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

বি টি আৰ চুক্তি
বিজয় উৎসৱ পালনৰ পূৰ্ণ প্ৰস্তুতি
author img

By

Published : Feb 6, 2020, 5:06 PM IST

বাক্সা,6 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে ঐতিহাসিক বিটিআৰ চুক্তিৰ বিজয় উৎসৱ পালন কৰা হ’ব ৷ কোকৰাঝাৰ জিলাৰ জাংখ্ৰীখাই পথাৰত অনুষ্ঠিত হ’বলগীয়া এই বিজয় উৎসৱত অংশ লব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এয়া বড়োসকলৰ বাবে তৃতীয় ঐতিহাসিক বিজয় উৎসৱ ৷ বিজয় উৎসৱৰ অংশীদাৰ হ’বলৈ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ কুমাৰীকাটা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাই ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি তুলিছে ৷

বিজয় উৎসৱ পালনৰ পূৰ্ণ প্ৰস্তুতি

উল্লেখ্য যে,অঞ্চলটোৰ প্ৰায় তিনিৰ পৰা চাৰি হাজাৰ বড়ো লোকৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে ইয়াত অংশগ্ৰহণ কৰিব ৷ এই কথা প্ৰকাশ কৰে বাক্সা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সম্পাদক জলেন দৈমাৰীয়ে ৷ ইতিমধ্যে বৃহস্পতিবাৰে বিটিআৰ চুক্তিৰ বিজয় উৎসৱৰ বাবে বড়োভূমিৰ বিভিন্ন ঠাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰিবলৈ বাইক ৰেলী উলিওৱা হৈছে ৷

লগতে চাওকঃপ্ৰথমে বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ় কৰক

Intro:বিটি আৰ চুক্তিৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰিব বাবে বাক্সা জিলাৰ এবছু প্ৰস্তুতি ।

Body:বি টি আৰ চুক্তিৰ বিজয় উৎসৱৰ বাবে যিহেতু কাইলৈ কোকৰাঝাৰ জিলাৰ জাখ্ৰীঠাৰ পথাৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব । কাইলৈ বড়োসকলৰ বাবে আন এক তৃতীয় ইতিহাসীক বিজয় উৎসৱ । সেয়ে বিজয় উৎসৱৰ সমভাগী হবৰ বাবে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ কুমাৰীকাটা আঞ্চলিক এবছু এ ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি কৰিছে । উল্লেখ্য যে অহাকালী অঞ্চলটোৰ প্ৰায় তিনিৰ পৰা চাৰি হাজাৰ বড়োৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে জাখ্ৰীঠাৰ পথাৰত অংশগ্ৰহণ কৰিবলৈ যাব বুলি জানিবলৈ দিয়ে বাক্সা জিলাৰ এবছুৰ সম্পাদক জলেন দৈমাৰীয়ে ।

Conclusion:ইতিমধ্যে আজি বিটি আৰ চুক্তিৰ বিজয় উৎসৱৰ বাবে বড়োভূমিৰ বিভিন্ন ঠাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ বাইক ৰেলী উলিওৱা হৈছে । ভাষ্য : জলেন দৈমাৰী সম্পাদক বাক্সা জিলাৰ এবছু বাক্সাৰ পৰা অজিত ৰাভা ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.