বাক্সা,৯ জুন: বিভিন্ন সময়ত কৃষি বিভাগৰ কাৰ্যালয়সমূহৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হয় । কাৰ্যালয়লৈ বিষয়াসকল সময়মতে নহা, কৃষকে কোনো সঁহাৰি লাভ নকৰা আদি অভিযোগকে ধৰি কিছুমান কাৰ্যালয়ত বহিবলৈ ঠাইৰ অভাৱ আৰু ক'ৰবাত স্থায়ী ঘৰ নথকা আদি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত কৃষি বিভাগৰ কাৰ্যালয়সমূহ ।
এই সমস্যাসমূহৰ কথা গম পোৱাৰ পাচতে বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস হঠাৎ উপস্থিত হয় মুছলপুৰস্থিত জিলা কৃষি বিভাগৰ কাৰ্যালয়ত । কাৰ্যবাহী সদস্যগৰাকীয়ে জনোৱা মতে বছৰ বছৰ ধৰি সমস্যাৰ মাজেৰে কাম কৰি আহিছে বাক্সা জিলাৰ কৃষি বিষয়া তথা কৰ্মচাৰী সকলে ।
বিভিন্ন সময়ত তেওঁ কাৰ্যালয়সমূহত উপস্থিত হৈ খেতিয়কসকলক সহায় কৰাৰ বাবে বিষয়াসকলে পথাৰত যায় নে নাযায় সেই কথাৰো বুজ লয় । কাৰ্যবাহী সদস্যগৰাকীৰ মতে কাৰ্যালয়ত বিষয়া তথা কৰ্মচাৰীসকল বহিবলৈ ঠাইৰ অভাৱ হোৱাৰ লগতে কৃষকৰ বাবে আৱন্টিত বীজসমূহ বিতৰণ কৰাৰ বাবেও প্ৰয়োজনীয় ঠাই নাই । সেয়ে এই সকলো সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও কৃষি বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়ে আশ্বাস দিয়ে ।
লগতে পঢ়ক:নিৰ্মাণ নহ'ল বাংলিপাৰা গড়কাপ্তানী পথ