বৰমা,16 জুনঃ বিটিএডি নিৰ্বাচনৰ বাবে দিন নিৰ্ধাৰণ কৰা নাই যদিও আৰম্ভ হৈছে নিৰ্বাচনী বতাহ । দলত্যাগ-সমালোচনা-প্ৰতিক্ৰিয়া সকলো তুংগত আছে স্বায়ত্ব শাসিত অঞ্চলটোৰ পৰিৱেশ ।
ইমানুৱেল মুছাহাৰীৰ পদত্যাগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিপিএফ দলে । বাক্সাৰ বৰিমাখাত এক দলীয় সভাত উপস্থিত হৈ বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই দল ত্যাগ কৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে। আনহাতে তেওঁৰ দলত্যাগে বিপিএফত কোনো ক্ষতি কৰিব নোৱাৰে বুলিও উল্লেখ কৰে ।
বিধায়ক গৰাকীয়ে কয় যে বিপিএফ দল সাংগঠনিক ভাবে যথেষ্ট শক্তিশালী অৱস্থাত আছে গতিকে বিধায়ক মুছাহাৰী দল ত্যাগ কৰি বিজেপিলৈ গ'লে বিপিএফ দলৰ কোনো ক্ষতি নহয় ।
দলীয় সভাত উপস্থিত থাকি ২৪নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ই.এম. অনসুমৈ শুংগুৰ বড়োৱে এই কাৰ্যকালত দলটোৱে যথেষ্ট কাম সম্পূৰ্ণ কৰা বুলি উল্লেখ কৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা উত্তৰে ৰাস্তা সমুহ পকীকৰণ হোৱাৰ উদাহাৰণ দিয়ে ।
ইপিনে এই সভাত ইউপিপিএল দলৰ কেইবাজনো কৰ্মীয়ে বিপিএফত যোগদান কৰে ।
লগতে চাওকঃ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা বাক্সাৰ খৈৰাণীৰ কাৰখেলা